হাজোৰ পৰা কমলাকান্ত দাস:
ৰাজ্যৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে হাজাৰ-হাজাৰ টকা খৰছ কৰি দেহৰ ঘাম মাটিত পেলাই কৰা ৰবি শস্য লকডাউনৰ সময়চোৱাত পথাৰতে গেলি-পচি নষ্ট হৈ যোৱাত মূৰে-কঁপালে হাত দি বহি থকাৰ সময়তে হাজোৰ এচাম কৃষকে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বি জি আৰ আঁঁচনিৰ জৰিয়তে ১২৫ একৰ মাটিত উন্নত জাতৰ ধান খেতি কৰি হাঁঁহি বিৰিঙাবলৈ সক্ষম হৈছে।তেনে সময়তে শুকুৰবাৰে দুপৰীয়া ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা হাজোৰ বঙালপাৰাত উপস্থিত হৈ নবোদয় কৃষক সমিতি আৰু সেউজী অসম পথাৰ সমিতিৰ জৰিয়তে ১২৫ একৰ ভূমিত কৰা বি জি আৰ ধানৰ কৃষি ভুমি পৰিদৰ্শন কৰে।কৃষি ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই আপ্লুত হৈ কৃষকসকলক উদ্দেশ্য কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে পর্যাপ্ত পৰিমাণে ধন মোকলাই দিছে।লগতে অসমৰ পৰা ভৱিষ্যতে যাতে কৃষিজাত সামগ্ৰী বহি:ৰাজ্যলৈ ৰপ্তানি কৰিব পাৰি,তাৰ বাবে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰাৰ লগতে জৈৱিক সাৰ ব্যবহাৰ কৰাৰ বাবে আহ্বান জনায়।ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে বঙাল পাৰাত ৰফিকুল ইছলামৰ ৭০০ টন মাকৈগুটি থকা গুদাম ঘৰটো পৰিদৰ্শন কৰি মাকৈবোৰ বিক্ৰীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে।মন্ত্ৰীগৰাকীৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া,গুৱাহাটী মহকুমা কৃষি বিষয়া নৱজ্যোতি জগন্নাথ,জিলা কৃষি বিষয়া ভৰত চন্দ্ৰ ৰাজবংশী,কৃষি চক্ৰ বিষয়া মনোজ কূমাৰ দাস,অনিল মেধী,গোৱিন্দ দাস।
- Log in to post comments
- 13 views