দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
যোৱা ২১ এপ্ৰিলত অহা এজাক ধুমুহাত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা নলবাৰী সমষ্টিৰ এলেঙ্গীদল যজ্ঞভুমিৰ ক্ষুদ্ৰ ব্যৱসায়ী নাৰায়ণ দাসৰ কাষত নলবাৰীৰে বিধায়ক অশোক শৰ্মা।উল্লেখ্য যে এই ধুমুহাত আঁঁহত গছ এজোপা পৰি দাসৰ চাইকেলখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায়।উক্ত ঘটনাটো বিধায়কৰ দৃষ্টি গোচৰ হোৱাৰ পিছত শুকুৰবাৰে নাৰায়ণ দাসক এখন নতুন চাইকেল প্ৰদান কৰে।লগতে দাসক নগদ ২৫০০ টকাও প্ৰদান কৰে নতুনকৈ তেওঁৰ ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে।উক্ত অনুষ্ঠানতে শতাধিক ব্যৱসায়ীৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ পূব নলবাৰী সমষ্টিৰ সভাপতি প্ৰতুল কলিতা,৭ নং পূব বাঁঁহজানী পঞ্চায়তৰ সভাপতি নমিতা দাস,ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী অ'বিচি মৰ্চাৰ সভাপতি ধনমণি দাস,কিশোৰ কলিতা আদি।
- Log in to post comments
- 42 views