নলবাৰীৰ পৰা হেমন্ত কলিতা:
বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰী জিলা প্ৰশাসনে৷নলবাৰীৰ বানেকুছিস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত জিলা প্ৰশাসনে কোৱাৰেণ্টিনৰ ব্যৱস্থা কৰিছে।বৃৃহস্পতিবাৰে ৰাতিৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব লগা কোৱাৰেণ্টিন চেন্টাৰটোত আজি ৰাতিয়েই কেইবাজনো লোক বহিঃৰাজ্যৰ পৰা আহি পোৱাৰ কথা৷মুঠ ২৫০ জন বহিঃৰাজ্যৰ পৰা অহা লোকক উক্ত স্থানত কোৱাৰেণ্টিন কৰা হ’ব৷মুঠ ১২ টা কক্ষত ৰখা হ’ব লোকসকলক৷ইফালে,কোৱাৰেণ্টিনত থাকিব লগা লোকসকলৰ বাবে জিলা প্ৰশাসনে খাদ্য বিভাগকে ধৰি প্ৰতিটো বিভাগকে সষ্টম কৰি ৰাখিছে৷কোৱাৰেণ্টিন চেন্টাৰটোৰ যাৱতীয় কাম-কাজ বৰ্তমানো চলি আছে৷আনহাতে,নলবাৰী জিলালৈ প্ৰায় এহাজাৰ লোক বহিঃৰাজ্যৰ পৰা অহা বুলি খবৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ হৈছে আৰু এই এহাজাৰ লোককো পৰ্যায়ক্ৰমে জিলাখনৰ ভিন্ন স্থানৰ স্কুল-কলেজ,হোটেল অথবা মাদ্ৰাছাসমূহত কোৱাৰেণ্টিন কৰা হ’ব৷নলবাৰীলৈ বহিঃৰাজ্যৰ লোক অহাৰ খবৰটোৱে স্বাভাৱিকতে নলবাৰীত পুনৰ ক’ৰ'নাতংক সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
- Log in to post comments
- 18 views