বাৰাংহাটীত জৰুৰীকালীন সেৱাত জড়িতসকললৈ সম্বৰ্ধনা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বিশ্বত্ৰাস ক’ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তলাবন্ধ৷ৰাজ্যত নিশাৰ ভাগত বলৱৎ থাকে সান্ধ্যা আইন৷এইবোৰ প্ৰতিবন্ধকতা নেওচিও দিন-ৰাতি একাকাৰ কৰি ক’ৰ'না মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে একাংশ জৰুৰী কৰ্মত নিয়োজিত লোক সক্ৰিয় হৈ আছে।    তেওঁলোকক উৎসাহিত কৰাৰ বাবে একাংশ দল-সংগঠন,অনুুুষ্ঠান-প্ৰতিষ্ঠানে সক্ৰিয় ভূমিকা গ্ৰহন কৰিছে৷ইয়াৰে অংশ হিচাপে  বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী শংকৰদেৱ শিশু নিকেতনৰ সহযোগত নিকেতনৰ একাংশ প্ৰাক্তন শিক্ষাৰ্থীৰ উদ্যোগত সাংবাদিক,আৰক্ষী,চিকিৎসক,স্বাস্থ্য কৰ্মী আৰু প্ৰশাসনিক বিষয়া আৰু কৰ্মীক গামোছা আৰু মাক্সৰে সম্বৰ্ধনা জনায়।তদুপলক্ষে,নিকেতন প্ৰাংগনত সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰনীচৰণ কলিতা,জ্যেষ্ঠ সাংবাদিক নৰেন শৰ্মা,যুৱ সাংবাদিক প্ৰনৱ কলিতা,প্ৰাঞ্জল কলিতা,গড়পোট গাঁঁৱৰ গাওঁবুঢ়াক সম্বৰ্ধনা জনাই অনুষ্ঠানটোৰ  শুভাৰম্ভণি কৰে৷ইয়াৰ পিচত ক্ৰমে বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী,কঞাঁ ৰাজহচক্ৰৰ ৰাজহচক্ৰ বিষয়া আৰু কৰ্মী আৰু কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আৰক্ষীসকলক সম্বৰ্ধনা জনায়৷প্ৰাক্তন ছাত্ৰ হৃষীকেশ কলিতা,ধীৰাজ শইকীয়া,পুলকেশ কলিতা,মানস ডেকা,জীৱেশ ডেকা,কৌশিক কলিতা আৰু হীৰকজ্যোতি ডাউকাৰ নেতৃত্বত ৰূপায়ণ কৰা কাৰ্য্যসূচীটোত সহযোগিতা কৰে নিকেতনৰ প্ৰধানাচাৰ্য্য সৰ্বেশ্বৰ ডাউকা,পৰিচালনা সমিতিৰ সভাপতি অৱনীকান্ত লহকৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ বিষয়ববীয়া,আচাৰ্য্য আৰু হিতাকাংক্ষীয়ে৷উক্ত কাৰ্য্যসূচীক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷

Your Comments