দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ৰাজ্য চৰকাৰৰ বিয়াগোম গড়কাপ্তানি বিভাগে ন-ন পথ নিৰ্মাণ আঁচনিৰ ঢাক- ঢোল বজাই আহিছে।কিন্তু,সেই সময়তে নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন দুটাকৈ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ তৰপে-তৰপে খহি বোকা-পানীৰে একাকাৰ হৈ পৰাত সম্প্ৰতি যাতায়াত ব্যাহত হৈ পৰিছে।উক্ত বাতৰিটো যোৱা ৫ মে'ত 'নিউজ এএছএন'ত প্ৰকাশ হৈছিল।উল্লেখ্য যে এই ক্ষেত্ৰত গড়কাপ্টানি বিভাগৰ বৰমূৰীয়া স্থানীয় জনপ্ৰতিনিধিয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাত বছৰ-বছৰ ধৰি ৰাইজে,ছাত্ৰ-ছাত্ৰীয়ে এজাক বৰষুণতে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে বুলি স্থানীয় ছাত্র সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অভিযোগ উত্থাপন কৰিছে।তেনে সময়তে এই বিষয়ে 'নিউজ এএছএন'ত প্ৰকাশ হোৱাত গড়াকাপ্টানি বিভাগৰ বৰমূৰীয়াৰ চকু পৰে।উল্লেখ্য যে উক্ত পথ দুটা হ'ল ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ঘগ্ৰাপাৰ ষ্টেচন পথ আৰু দামোদৰ ধাম চত্ৰা চ'কৰ পৰা গাইটান-পোৰাকুছি সন্ধগাঁও হৈ সন্ধ ৰে'ল গেট সংযোগী গড়কাপ্তানি পথ।এই পথ দুটা তৰপে তৰপে খহি পৰাৰ লগতে এজাক বৰষুণতে বোকাপানীৰে একাকাৰ হোৱা পৰিৱেশৰ সৃষ্টি হয়।যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ পথাচাৰী,ৰেলযাত্ৰী,বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্রী,কাৰ্যালয়ৰ কৰ্মচাৰী,ব্যৱসায়ীৰ লগতে নিতৌ পথটোৰে চলাচল কৰা শ-শ সৰু-বৰ গাড়ী যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সম্মুখীন হৈছে।উল্লেখ্য যে এই পথ দুটা পুনৰ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে দীৰ্ঘদিন ধৰি ধন আৱন্টন নিদিয়াত বছৰ বছৰ ধৰি বিধ্বস্ত হৈ পৰে বুলি চৰ্চিত হৈছে।ইফালে 'নিউজ এএছএন'ৰ বাতৰিৰ পিছতে চত্ৰা -সন্ধা সংযোগী গড়কাপ্তানি পথছোৱা পুনৰ নিৰ্মাণৰ বাবে 'ছিপ্ৰেচাৰ' আঁচনিৰ অধীনত আঠ কোটি টকা আৱন্টন দিছে বুলি নলবাৰী গড়কাপ্তানি বিভাগ(পথ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দেৱেশ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক জনায়।যাক লৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰাৰ লগতে গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু 'নিউজ এএছএন' কৰ্তৃপক্ষক ধন্যবাদ জনায়।উল্লেখ্য যে গুৰুত্বপূৰ্ণ পথছোৱা আহল-বহলকৈ নিৰ্মাণ হ'লে নলবাৰী মেডিকেল কলেজলৈ যাতায়ত ব্যৱস্থা সুগম হৈ উঠিব।
- Log in to post comments
- 28 views