অকণিৰ সাহিত্য সভাৰ 'কিতাপ পঢ়ি অভিজ্ঞতা লেখন' প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

ক'ভিড-১৯  মহামাৰী প্ৰতিৰোধৰ অৰ্থে দেশজুৰি অব্যাহত থকা 'লকডাউন'ৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ হৈ থকা শিশুসকলৰ বৌদ্ধিক তথা মানসিক বিকাশৰ অৰ্থে 'অকণিৰ সাহিত্য সভা'ই ঘৰৰ ভিতৰত থাকি সামাজিক মাধ্যমৰ জৰিয়তে দুলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰি শিশুসকলৰ ব্যাপক সঁহাৰি লাভ কৰিছিল । প্ৰথম অৱস্থাত কবিতা আবৃত্তি আৰু ঘৰৰ ভিতৰৰ পৰাই বিহু নাম,বিহু নৃত্য আৰু হুঁচৰি প্ৰতিযোগিতা আয়োজন কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক শিশুৰ সৃজনীশীলতাৰ উন্মেষ ঘটোৱাৰ পিছত যোৱা ২৩ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ বিশ্ব গ্ৰন্থ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছিল 'কিতাপ পঢ়ি অভিজ্ঞতা লেখন' প্ৰতিযোগিতা।'অকণিৰ সাহিত্য সভা'ৰ প্ৰাক্তন সভাপতি নগাঁৱৰ লোচন বৰা আৰু শিশুবন্ধু দুলাল বৰাৰ বিশেষ তৎপৰতাত ৭ বছৰৰ পৰা ৫০ বছৰৰ মাজৰ পাঠকৰ এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে।মুঠতে ১২২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ লগতে নতুন দিল্লী, অৰুণাচল প্ৰদেশ,কেৰালা আদি ৰাজ্যৰ প্ৰতিযোগীয়ে যোগদান কৰিছিল।ঘোষিত ফলাফল অনুসৰি শীৰ্ষস্থান লাভ কৰা প্ৰতিযোগীসকল হ'ল ক্ৰমে-
নগাঁৱৰ বৰ্ণিল বৰা (আভা বৰাৰ 'বৰ ঘৰৰ মেকুৰী'),লখিমপুৰৰ কৌস্মিতা শইকীয়া(যতীন্দ্ৰ নাথ ফুকনৰ 'আমাৰ শংকৰদেৱ),লখিমপুৰৰ নিবিড় প্ৰসন্ন শইকীয়া(সূৰ্য হাজৰিকা সম্পাদিত 'লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্য'),নগাঁৱৰ হৰ্ষিত কুমাৰ ৰাজখোৱা (স্বামিম নাছৰিনৰ 'মিলি অমিয়া আৰু এখন নদী'),লখিমপুৰৰ অব্যক্ত নিৰ্বাণ ৰাজখোৱা(ডেনিয়েল ডিফোৰ 'ৰবীনছন ক্ৰুছো'),
কোকৰাঝাৰৰ নিয়ৰ নিৰিবিলি বৰা(এম আব্দুল মজিদ খানৰ 'এ পি জে আব্দুল কালাম'), গুৱাহাটীৰ ৰিণি শৰ্মা (দিতিমণি গগৈৰ 'মই মালালাই কৈছোঁ'), কোকৰাঝাৰৰ ঋষভ বশিষ্ঠ(শান্তনু কৌশিক বৰুৱাৰ 'সহস্ৰাব্দৰ বিশ্ব'),
লখিমপুৰৰ লিপিকা ভূঞাঁ (মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে'),যোৰহাটৰ পম্পী কলিতা(অৰূপা পটংগীয়া কলিতাৰ 'ফেলানী'),যোৰহাটৰ বাস্তব বড়া(গোবিন কুমাৰ খাওণ্ডৰ 'বগী'),চৰাইদেউৰ দেৱজিৎ গগৈ(ডঃ বিন্দু ভূষণ বৰাৰ 'অসমীয়া ভাষা শিকাৰুৰ হাতপুথি'),নগাঁৱৰ মিতালী কলিতা(ডঃ ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে') আৰু ডিব্ৰুগড়ৰ হিমাদ্ৰী গগৈ (ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ 'জীৱন জুখিবা হাঁহিৰে')।শিশু আলোচনী 'মৌচাক'-এ বিশেষ সহযোগিতা আগবঢ়োৱা এই প্ৰতিযোগিতাত তিনিগৰাকী অংশগ্ৰহণকাৰীক নিৰ্বাচন কৰা হয় । তেওঁলোক হৈছে-
তেজপুৰৰ অভিশ্ৰী চৌধুৰী (ডঃমহেন্দ্ৰ নাথ বৰাৰ 'অৰণ্যৰ মাজে মাজে'),লখিমপুৰৰ ৰিনিছিয়া হাজৰিকা(লক্ষ্মীনাথ বেজবৰুৱাৰ 'জুনুকা') আৰু মাজুলীৰ ঈষাণ বৰুৱা(ডঃৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে')।

Pic

প্ৰতিযোগিতাত উল্লিখিত গ্ৰন্থসমূহৰ উপৰি লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু','শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ', চৈয়দ আব্দুল মালিকৰ "ধন্য নৰ তনু ভাল", 'সুৰুযমুখীৰ স্বপ্ন',হোমেন বৰগোঁহাঞিৰ 'আত্মানুসন্ধান',মামণি ৰয়চম গোস্বামীৰ 'মামৰে ধৰা তৰোৱাল',এ পি জে আব্দুল কালামৰ 'অগ্নিৰ ডেউকা',ধ্ৰুৱজ্যোতি দাসৰ 'ধূসৰতাৰ কাব্য',বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ "মৃত্যুঞ্জয়",কবি কালিদাসৰ "উপমা কালিদাস্য",পংকজ গোবিন্দ মেধিৰ "শ্ৰীহাৰা", আশ্বিক জামানৰ "আনপ্লাগড",দিলীপ কুমাৰ বৰুৱাৰ"স্বৰ্গদেউ চুকাফা", মৃণাল তালুকদাৰৰ "১৯৬২" আৰু "পোহৰৰ সাধনা","নীতি কথাৰ সাধু","সোঁৱৰণিত তিনি দিন", "The Mahabharata", "Ego", "Mistery of crocodile Island", "Journey to the centre of the Earth"আদি গ্ৰন্থই পাঠকৰ আলোচনাত ঠাই লাভ কৰে বুলি "অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱাই জনাইছে।দেশৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ অৱসানৰ পাছতেই "অকণিৰ সাহিত্য সভা"ৰ এক বিশেষ অনুষ্ঠানত বিজয়ী প্ৰতিযোগী তথা অংশগ্ৰহণ কৰাসকলক পুৰস্কৃত কৰা হ'ব বুলি সম্পাদক মনোৰঞ্জন বৰগোঁহায়ে জনাইছে।

Your Comments