গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত দিচাংমুখৰ চৰাইপৰাত সজাগতা সভা 

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

উজনি অসমৰ কেইবাখনো জিলাত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত দিচাংমুখৰ সমীপৰ চৰাইপৰা গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।চৰাইপৰা গাঁও উন্নয়ন সমিতিৰ সম্পাদক অৰ্জুন গোৱালাই আঁত ধৰা সভাখনত শিৱসাগৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক বীৰেন দাস,অসম চৰকাৰৰ পশুধন নিগমৰ সঞ্চালক মণ্ডলীৰ সদস্যা ভাৰতী শইকীয়া, ক্ষেত্ৰ সহায়ক জয়ন্ত গগৈ উপস্থিত থাকি বৰ্তমান গাহৰিৰ মৃত্যু হ'লে ৬ ফুট দকৈ গাঁত খান্দি পুতি চূণ বা ব্লিচিং পাউদাৰ ছটিয়াবলৈ ৰাইজক আহ্বান জনায়।তদুুপৰি,গাহৰিৰ গঁড়ালসমূহ চাফ-চিকুণকৈ ৰাখি গাহৰি পালকসকলে গঁড়ালৰ পৰা ওলাই অহাৰ পিছত চাবোনেৰে হাত-মুখ ধুইহে ঘৰৰ ভিতৰলৈ সোমাব লাগে আৰু গঁড়ালত চূণ বা ব্লিচিং পাউদাৰ ছটিয়াব লাগে।চৰকাৰৰ নিৰ্দেশ মতে মাস্ক পিন্ধি সামাজিক দুৰত্ব বজাই ৰাখি আয়োজন কৰা সজাগতা সভাখনত অফলা গাঁৱৰ গাঁওবুঢ়া তযুৰাম মিলি,ৰামব্ৰত পাংগিং, পৰাগ মিলি,যোগানন্দ মিলি,বীৰেন্দ্ৰ মিলিৰ লগতে অৰ্ধশতাধিক নাগৰিক উপস্থিত থাকে৷

Your Comments