নলবাৰীৰ মুগকুছিত ধুমুহাত পথত গছ বাগৰাত আৱদ্ধ যান-বাহন

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

বুুধবাৰে দুপৰীয়া অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল।জিলাখনৰ মুগকুছি গাঁওৰ বালা মুগকুছি চ'কৰ ওচৰত প্ৰচণ্ড ধুমুহাজাকে বহু গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে৷মুগকুছিত হোৱা এই ধুমুহাৰ ফলত অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা নলবাৰী-হাজো পথৰ ওপৰত গছৰ ডাল বাগৰি পৰাত পথটো কিছু সময়ৰ বাবে বন্ধ হৈ পৰে৷ফলত,পথটোৰ মাজত পথৰ ওপৰতে আৱদ্ধ হৈ পৰে বহু যান-বাহন৷জানিব পৰা মতে ধুমুহাৰ অন্তত স্থানীয় লোক আৰু যাত্ৰীৰ সহযোগত প্ৰায় এঘন্টাৰ পিছত পথত পৰি থকা গছসমূহ আঁতৰাই যান-বাহন চলাচলৰ বাবে পথ মুকলি কৰি দিবলৈ সক্ষম হয়।ধুমুহা আৰু বৰষুণৰ ফলত এটা পৰিয়ালৰ  বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।অৱশ্যে ধুমুহাত কোনো লোক বা যান-বাহনৰ ক্ষয়-ক্ষতি হোৱা নাই।কিন্তু,বিদ্যুতৰ তাঁৰৰ ওপৰত গছৰ ডাল পৰি বিস্তৰ ক্ষতি কৰে ৷ পিছত  বিদ্যুত বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ বিদ্যুতৰ তাঁৰ খুলি দিয়ে ৷

Your Comments