ঘগ্ৰাপাৰত ঘৰে ঘৰে প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা চিকিৎসক-স্বাস্থ্য কৰ্মীৰ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সমগ্ৰ দেশজুৰি ক'ৰ'না ভাইৰাছ সংগ্ৰমণ দিনক-দিনে বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য  বিভাগৰ উদ্যোগত নলবাৰী জিলাতো যোৱা ৭ মে'ৰ পৰা ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ এটি বিশেষজ্ঞ দলে।সম্প্ৰতি কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ আৰু জাপানী এনকেফেলাইটিছ আৰু মেলেৰীয়া জ্বৰ হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত এই তিনিওটা বেমাৰৰ বাবে জিলাখনৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰখাৰ বাবে সকলো ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে।উল্লেখ্য যে  নলবাৰী জিলাৰ ঘগ্ৰাপাৰ,কমাৰকুছি, চামতা, মুকালমুৱা আৰু টিহু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি মুঠ ৫ টা কেন্দ্ৰত ৭ মে'ৰ পৰা ঘৰে ঘৰে গৈ স্বাস্ব্য পৰীক্ষা অভিযান আৰম্ভ হৈছে।ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১০৩ খন গাঁৱত ১,১৪,০৮৪ গৰাকী শিশু,সৰু-ডাঙৰ,বৃদ্ধ সকলোকে সামৰি স্বাস্থ্য পৰীক্ষা কৰাৰ কাম অহা ৭ মে'ৰ পৰা আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া এন বিনয় সিঙে। প্ৰতিটো দলৰ নেতৃত্বত থকা এগৰাকী চিকিৎসকৰ লগত জড়িত হৈ আছে এগৰাকী  এ এন এম ,  এজন  এম পি ডব্লিউ আৰু চাৰ্ভিলেন্স ৱৰ্কাৰ , আশা চুপাৰভাইজাৰ  আৰু এগৰাকী আশা কৰ্মী।কোভিড-১৯ৰ লক্ষণ দেখা দিলে তৎক্ষণাৎ পৰিয়ালটোৰ  আটাইকেইজন ব্যক্তিকে গৃহ আৱদ্ধ(home quarentine ) হৈ থাকিবলৈ পৰামৰ্শ দিব চিকিৎসকৰ দলটোৱে।

Pic

ইতিমধ্যে তেজৰ নমুনা সংগ্ৰহৰ বাবে প্ৰয়োজনীয় লেবৰেটৰী টেকনিচিয়ান আৰু ১০৮ এম্বুলেন্স সাজু কৰি ৰাখিছে জিলা স্বাস্থ্য বিভাগে।নমুনা পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিব। ফলাফল অনুসৰি পৰৱৰ্তী চিকিৎসা সম্বন্ধীয় ব্যৱস্থা লোৱা হ'ব বুলি জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জানিবলৈ দিয়ে।উল্লেখ্য যে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঘগ্ৰপাৰ প্ৰাথমিক চিকিৎসালয়ত ৫ গৰাকী চিকিৎসক,নীলপুৰ ৰাজ্যিক চিকিৎসালয়ত ১ গৰাকী,আল্লিয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  ২ গৰাকী,ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩ গৰাকী,বালিতাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১ গৰাকী,দক্ষিণ গাঁও ৰাজ্যিক  চিকিৎসালয়ত ২ গৰাকী, শিলপোতাবৰী
 ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  ১ গৰাকী, সানেকুছি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  ২ গৰাকী আৰু বৰখালা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১ গৰাকী চিকিৎসকৰ নেতৃত্বত প্ৰচণ্ড ৰ'দক আওঁকাণ কৰি প্ৰতিখন গাওঁত ঘৰে ঘৰে গৈ 
স্বাস্থ্য পৰীক্ষা চলাই আছে।ঘগ্ৰাপাৰ
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়া ডাঃ দিলীপ কলিতাৰ নেতৃত্বত স্বাস্থ্য কেন্দ্ৰখনৰ নাৰ্ছ
অনুপমা বৈশ্য,অনিমা দাস,গীতা দেৱী,মীনা  মেধি,ববিতা বৰ্মণ,আৰতী ৰাজবংশী,আশা চুপাৰভাইজাৰ ধৰিত্ৰী ডেকা,স্বাস্থ্য কৰ্মী ৰমেন মালাকৰ,অতুল দাস,দ্বীজেন দাস আৰু এম পি ডব্লিউ মীৰ হুচেইনে বিগত ছয়দিনে দুৰ্গম পথ অতিক্ৰম কৰি ঘৰে ঘৰে গৈ সকলোৰে স্বাস্থ্য পৰীক্ষা চলাই আছে।জেষ্ঠ চিকিৎসক ডাঃ দিলীপ কলিতাই জানিবলৈ দিয়া অনুসৰি প্ৰতিখন গাওঁ তথা চুবুৰীৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰি কোনো ব্যক্তিৰ জ্বৰ,কাহ-চৰ্দী, ইনফ্লুৱেঞ্জাৰ আদিৰ নিচিনা কোনো বেমাৰ ধৰা পৰিলেই নতুবা কাৰোবাৰ শৰীৰত কোভিড-১৯ৰ কিবা লক্ষণ দেখা পালে লেবৰটৰী টেকনেচিয়ানৰ সহায়ত ৰোগীজনৰ দেহৰ নমুনা সংগ্ৰহ কৰি নমুনাসমূহ বিশেষ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব।ইতিমধ্যে বিগত ছয় দিনে পৰীক্ষা-নিৰীক্ষা কৰি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১৭ গৰাকী লোকক হ'ম কোৱাৰেন্টাইনত (ঘৰতে আৱদ্ধ ) হৈ থকাৰ পৰামৰ্শ আগবঢ়ায়।আনহাতে,২ গৰাকী সন্দেহযুক্ত ৰোগ  আক্ৰান্ত লোকক নলবাৰী অসামৰিক
চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাটা মেনেজাৰ মৃগেন বৰ্মণে জানিবলৈ দিয়ে।

 

Your Comments