ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:
'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বিষয়টো গুৰুত্ব সহকাৰে লক্ষ্য কৰিছোঁ।কিছুমান লোকে পৰিকল্পিত ষড়যন্ত্ৰ কৰি বিজেপি দলক বদনামী কৰিবলৈ বিচাৰিছে।'মঙলবাৰে নলবাৰীত সংবাদ মাধ্যমৰ লগত মত বিনিময় কৰি এইদৰে ক'লে পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।নলবাৰীত ১,২৩,৪২৬ গৰাকী লোক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তালিকাভুক্ত হৈছে । প্ৰকৃততে কৃষি বিভাগৰ পৰা ৯৯,৬১৯ গৰাকী কৃষকৰ নাম অন্তৰ্ভুক্ত কৰিছে।এই তালিকাত ২৩,৮০৭ জন ভুৱা কৃষকক অনিয়মেৰে অন্তৰ্ভুক্ত কৰা হৈছে বুলিও জয়ন্ত মল্ল বৰুৱাই ব্যক্ত কৰে।অবশ্যে যদিও ১,২৩,৪২৬ গৰাকী কৃষকৰ নাম তালিকাভুক্ত হৈছে ইয়াৰে ৮৭,৫৮৩ গৰাকী লোকেহে আঁচনিৰ ধন পাবলৈ সক্ষম হৈছে।ইফালে,তালিকাভুক্ত অকৃষকে ১০,৫৮,৫০০ টকা ঘূৰাই দিছে বুলিও ব্যক্ত কৰে।সংখ্যালঘু লোক নথকা গাঁৱত সংখ্যালঘু লোকৰ নাম ক’ৰ পৰা সোমাল বুলি প্ৰশ্ন উত্থাপন কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে এয়া এক ডাঙৰ খেলিমেলি।ভিএলডব্লিউ আৰু কম্পিউটাৰ অপাৰেটৰসকলৰ বাবেই এই খেলিমেলি সংঘটিত হৈছে বুলি কোৱাৰ লগতে তেওঁলোকক নজৰত ৰখা হৈছে বুলিও ব্যক্ত কৰে।ইতিমধ্যে,কিছুমান লোকক চিনাক্তকৰণ কৰা হৈছে বুলিও তেওঁ ব্যক্ত কৰে।একেদৰে একেটা নাম দুবাৰ-তিনিবাৰ তালিকাভুক্ত হোৱা সম্পৰ্কে নিৰীক্ষণ কৰি থকা হৈছে আৰু চাকৰি বা পেন্সনাৰৰ নাম কৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ঘোষণা কৰে।আনহাতে,প্ৰকৃত কৃষকক তালিকাভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কোৱাৰ লগতে বিজেপি দলৰ যিসকল লোক এই কাৰ্যত জড়িত আছে,তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে।ইফালে লকডাউনৰ সময়চোৱাত নলবাৰীত নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাই দুই লাখ পাঁচ হাজাৰ পৰিয়ালক সহায় কৰিবলৈ সক্ষম হৈছে বুলি কোৱাৰ লগতে কোনো লোক জিলাখনত লঘোনে থাকিব লগীয়া হোৱা নাই বুলিও মন্তব্য কৰে।সংবাদ মেলখনত নলবাৰী জিলা বিজেপিৰ সভাপতি,সাধাৰণ সম্পাদক ডাঃ মৃগাংক তালুকদাৰ আৰু অপূৰ্ব শৰ্মা আদি উপস্থিত থাকে।
- Log in to post comments
- 71 views