নৰেন শৰ্মা,বাহাৰঘাট:
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱা গাঁঁৱৰ প্ৰসিদ্ধ শিল্পী স্বয়ম্ভু নমঃশূদ্ৰ(৮৭)ৰ ১২ মে'ত নিজ বাসভৱনত মৃত্যু হয়৷উল্লেখ্য যে নিশা খাইবৈ শুই থকাৰ পিচত পুৱা বিচনাৰ পৰা উঠি নহাত পৰিয়ালৰ লোকে জগাবলৈ গৈ বিচনাত তেওঁক মৃত অৱস্থাত পায়।একালৰ প্ৰসিদ্ধ বেণ্ডপাৰ্টিৰ গুৰি ধৰোঁঁতা আৰু ৰাইজৰ মুখে মুখে মাষ্টৰ নামৰে খ্যাত আছিল নমঃশূদ্ৰ৷ জীৱনত বহুত ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি মৃত্যুৰ কেইবছৰমান আগলৈ সংগীত সাধনাত ব্যস্ত আছিল৷দৰিদ্ৰতাই কোঙা কৰা নমঃশূদ্ৰই এসময়ত নিজৰ চিকিৎসাৰ বাবে অতিপাত প্ৰিয় বেণ্ডপাৰ্টিৰ মূল বাদ্যযন্ত্ৰ পেপাটোক বিক্ৰী কৰিব লগা হোৱাত নীৰৱে চকুলো টুকিছিল৷
অকল বেণ্ডপাৰ্টিতে নহয় নমঃশূদ্ৰই পাঠশালাৰ নটৰাজ থিয়েটাৰ,হাজোৰ নাট্য কলা কেন্দ্ৰ আৰু স্থানীয় বাসুদেৱ নাট্যগোষ্ঠীৰ সংগীত শিল্পী হিচাপে সহযোগিতা কৰি নিজৰ শিল্পী জীৱনক প্ৰতিষ্ঠা কৰিছিল৷জীৱিতকালত নমঃশূদ্ৰক অসম চৰকাৰৰ এককালীন শিল্পী সাহায্য দিয়াৰ লগতে সাংস্কৃতিক মহাসভা,অসমে ৰাজ্যিক শিল্পী সন্মানৰে সন্মানিত কৰে৷তদুপৰি,নামনি অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পীগৰাকীক সময়ে সময়ে সন্মান যাচি তেওঁৰ শিল্পী সত্তাক শ্ৰদ্ধা জনাই আহিছে৷তেওঁৰ মৃত্যু বাতৰি পোৱামাত্ৰকে অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধা জনায়৷তেওঁৰ মৃত্যুত বৰশিমলুৱা সাহিত্য সমাজ,সাংস্কৃতিক মহাসভা,অসমৰ নলবাৰী জিলা সমিতি,বৈল্লাপে’ৰা গোষ্ঠী,বৰভাগ শাখা সাহিত্য সভা,বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভা,বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন,বৰভাগ প্ৰেছ ক্লাব আদি কৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে৷মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিগৰাকী বিবাহিত কন্যা,এজন পুত্ৰ তথা বোঁঁৱাৰীৰ লগতে বহুতো গুণমুগ্ধক ইহসংসাৰত এৰি যায়৷
- Log in to post comments
- 14 views