বঙাইগাঁও জিলাৰ গ্ৰামাঞ্চলৰ ঘৰে ঘৰে পূৰ্ণগতিত চলিছে সমূহীয়া নিৰীক্ষণ:বিভিন্ন ৰোগৰ চিনাক্তকৰণ পৰীক্ষা সম্পন্ন 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক: 

স্বাস্থ্য বিভাগৰ 'অসম সামূহিক নিৰীক্ষণ আঁচনি'ৰ অধীনত বঙাইগাঁও জিলাৰ প্ৰত্যেক গাঁৱতে  ঘৰে ঘৰে গৈ সমূহীয়া নিৰীক্ষণৰ কাম পূৰ্ণ গতিত চলি আছে।যোৱা ৭ মে’ৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অধীনত ১১ মে’ পৰ্যন্ত জিলাখনৰ মুঠ ৫৬৩ খন গাঁৱৰ ভিতৰত ৪৫৬ খন গাঁৱৰ ৫,৮৩,৮৬৪ জন লোকক সামৰি লোৱা হৈছে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ অধীনত আশা কৰ্মী,এম পি ডব্লিউ,এএনএম,চিএইচঅ' আৰু এমটিএচ (মেলেৰিয়া কাৰিকৰী পৰ্যবেক্ষকসকল)ৰ সহযোগিতাত এই আঁচনি ৰূপায়ণ কৰা হৈছে।এই নিৰীক্ষণৰ সময়ত মুঠ ১,৪২,৭৪৪ জনৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ইয়াৰ ভিতৰত জ্বৰত আক্ৰান্ত ২৭ জন, ইনফ্লুৱেঞ্জা সদৃশ ৰোগত আক্ৰান্ত ১জন ব্যক্তি পোৱা গৈছে।একেদৰে মেলেৰিয়াৰ বাবে ৰেপিড্ ডায়েগ্ন'ষ্টিক  কিট (Rapid diagnostic kit)ৰ সহায়ত পৰীক্ষা কৰা ৭ জনৰ এজনো PV+ বা PF+ পোৱা হোৱা নাই।২৩ জন ব্যক্তিৰ তেজৰ শ্লাইড সংগ্ৰহ কৰা হৈছে।আনহাতে,জাপানী এনকেফেলাইটিছৰ কোনো সন্দেহযুক্ত ৰোগী দেখা নোপোৱাত নমুনা সংগ্ৰহ কৰা হোৱা নাই।ইফালে,ক’ভিড-১৯ৰ সন্দেহত ইনফ্লুৱেঞ্জা সদৃশ ৰোগত আক্ৰান্ত এজনৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে।লগতে উক্ত ব্যক্তিজনক স্বাস্থ্য বিভাগে এই সময়ত গৃহ অসংক্ৰম্যকৰণৰ পৰামৰ্শ দিছে৷

 

Your Comments