বঙাইগাঁৱৰ প্ৰতিবেদক:
ক'ৰ'না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত কেন্দ্ৰীয় চৰকাৰে বাহাল ৰখা তৃতীয়টো তলাবন্ধৰ সময়ত আন্তঃ ৰাজ্যিক যাতায়াত মুকলি হোৱাৰ বাবে মুম্বাইৰ অসম ভৱনৰ পৰা কৰ্কট ৰোগী আৰু ৰোগীসকলৰ লগত থকা পৰিয়ালৰ লোকসহ ১৬০ গৰাকী লোকক মঙলবাৰে দুপৰীয়া ৰাজ্যখনত প্ৰৱেশ কৰাৰ পাছত তেওঁলোকক দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হয় বঙাইগাঁৱত।আজি বিয়লি আঢ়ৈ টা মান বজাত বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ পাহাৰৰ নামনিত ছয়খন বাছেৰে অহা লোক সকলক বঙাইগাঁও জিলাৰ সমাজকৰ্মীয়ে এই আহাৰৰ ব্যৱস্থা কৰে ৷ মুম্বাইৰ অসমৰ ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত অহা লোক সকলক বঙাইগাঁও শ্ৰীসালাসৰ হনুমান সেৱা সমিতি চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত আৰু বঙাইগাঁৱৰ সম্ভৱ নাথ জৈন চেতাম্বৰ মন্দিৰ চেৰিটেৱল ট্ৰাষ্টৰ সহায়ত আহাৰৰ ব্যৱস্থা কৰা হয় ৷
বঙাা
- Log in to post comments
- 27 views