নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
"লকডাউন"ৰ বাবে বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকল, শ্ৰমিকসকলৰ লগতে চিকিৎসাৰ বাবে যোৱা লোকসকলক ৰে'লযোগে অসমলৈ ওভতাই আনিবৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ।ৰাজ্যৰ অন্য জিলাৰ লগতে নগাঁও জিলাৰ বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা কেইবা সহস্ৰাধিক লোক জিলাখনলৈ ঘূৰি আহিব । বহিঃৰাজ্যৰ পৰা নগাঁও জিলালৈ অহা লোকসকল চাপৰমুখ ৰে'ল জংছনত নমাৰ পাছত স্ক্ৰীনিং কৰাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য গ্ৰহণ কৰিব । ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ।জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক 'স্ক্ৰীনিং' কৰি নগাঁও জিলাৰ বিভিন্ন স্থানত কোৱাৰেন্টাইন কৰা হ'ব।ইয়াৰ বাবে জিলা প্ৰশাসনে ১৭ টা স্থান ঠিক কৰিছে ।এই লোকসকলক আমনিৰ S I R D কমপ্লেক্স, পঞ্চায়তৰ সমূহীয়া ভৱন, আমলখি উচ্চ মাধ্যমিক বিদ্যালয়,নলতলিৰ কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ, নতুনকৈ নিৰ্মাণ কৰি থকা চিমনাবস্তি চিকিৎসালয়, লাইলুৰি ছাত্ৰী নিৱাস, চামগুৰিৰ দুখন শিক্ষানুষ্ঠান,পুৰণিগুদামৰ বিবাহ ভৱন,ৰহা,ডিমৌ, কঠিয়াতলীকে ধৰি প্ৰায় ১৭ টা খন স্থানত কোৱাৰেন্টাইন কৰা হ'ব । জিলা প্ৰশাসনে প্ৰায় একহেজাৰ লোকক কুৱাৰেন্টাইন কৰাৰ ব্যৱস্থা হাতত লৈছে । মন কৰিব লগীয়া যে নগাঁও চহৰক কোৱাৰেন্টাইন শিবিৰ স্থাপনৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।বহিঃ ৰাজ্যত নগাঁও জিলাৰ ২০ সহস্ৰাধিক লোক আবদ্ধ হৈ আছে।এইলোকসকলে স্বগৃহত আহিবৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিছে বুলি জানিব পৰা গৈছে । তেওঁ লোকক লৈ এতিয়া চিন্তিত হৈ পৰিছে নগাঁৱৰ জনসাধাৰণ।সচেতন মহলে এই লোকসকলৰ আগমণৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আশংকা কৰিছে । ইপিনে হোজাই জিলাৰ লামডিং ৰে'ল জংচনত জিলা প্ৰশাসনে বহিঃ ৰাজ্যৰ পৰা আহিব লগা লোকসকলৰ "স্ক্ৰীনিং" কৰাৰ ব্যৱস্থা কৰিছে । লগতে দিল্লীৰ পৰা আগৰতলালৈ আহিব লগা ৰে'লযাত্ৰীসকলক হোজাই ৰে'ল ষ্টেচনত স্ক্ৰীনিঙৰ ব্যৱস্থা কৰিব । উল্লেখযোগ্য যে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ মংগলবাৰে বিয়লি 4:45 বজাত যাত্ৰা আৰম্ভ কৰিছে এখন "চুপাৰফাষ্ট স্পেচিয়েল ট্ৰেইন"য়ে । উজনিমুৱা 02424 নম্বৰৰ নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লখন কানপুৰ চেন্ট্ৰেল, প্ৰয়াগৰাজ জংচন,পিটি ডিডি উপাধ্যায় জংচন, দানাপুৰ জংচন,বাৰাউনী জংচন,কাটিহাৰ জংচন, নিউ জলপাইগুৰি জংচন, কোকৰাঝাৰ,গুৱাহাটী, লামডিং জংচন,ডিমাপুৰ, মৰিয়নী জংচন আৰু ডিব্ৰুগড়ত ৰখিব।২০ টা ডবাযুক্ত ৰে'লখনত এটা এ চি প্ৰথম শ্ৰেণী,পাঁচটা এ চি ২টায়াৰ,এঘাৰটা এ চি ৩ টায়াৰৰ লগতে এটা হট বুফে কাৰ আৰু দুটা ব্ৰেক লাগেজ তথা জেনেৰেটৰ কাৰ আছে।
- Log in to post comments
- 70 views