ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:
ক'ৰ'না মহামাৰীৰ সময়ত বহু চিকিৎসক,চিকিৎসাকৰ্মীয়ে ক'ৰ'না পীড়িত ৰোগীসকলৰ চিকিৎসাত ব্ৰতী হৈ আছে ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰোগীসকলক আৰোগ্য কৰাৰ বাবে চেষ্টা কৰি আছে।তেওঁলোকক ৰাইজে অশেষ ধন্যবাদ জনাইছে।আজি তেনে এজন চিকিৎসকৰ কথা ক’বলৈ ওলাইছোঁঁ।নলবাৰী জিলাৰ খাৰজাৰা গাঁও নিৱাসী অচ্যুত চন্দ্ৰ বৰ্মণ আৰু স্নেহলতা বৰ্মণৰ সন্তান ডাঃ(মেজৰ) দীপম কুমাৰ বৰ্মণ ৷ বৰ্তমান নতুন দিল্লী নিৱাসী ডা° বৰ্মণ মেডিঅ’ৰ হাস্পতাল মানেচৰ গুৰুগ্ৰামত কৰ্মৰত।সেই হাস্পতালতে এতিয়া দিনে-ৰাতি এই ৰোগীসকলৰ চিকিৎসা কৰাত ব্যস্ত চিকিৎসকজন।নিজৰ জীৱনৰ কথা অলপো চিন্তা নকৰি নিজৰ কৰ্তব্য পালন কৰি গৈ আছে তেওঁ।যোৱা এপ্ৰিল মাহত ব’হাগ বিহুত ঘৰলৈ অহা কথা আছিল যদিও কৰ্তব্যৰ বাবে আহিব নোৱাৰিলে তেঁঁও।উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীত চিকিৎসক পদত থাকি জীৱনৰ ৫ টা বছৰ দেশমাতৃৰ সেৱা কৰি আহিছে ডাঃ দীপমে।বিগত সময়চোৱাত জন্মু- কাশ্মীৰত উগ্ৰপন্থীৰ লগত হোৱা বহুকেইটা সংঘৰ্ষত চিকিৎসকজনে অংশগ্ৰহণ কৰিছিল।ইয়াৰ মাজতে তেওঁ যোৱা ২০১৭-২০১৯ সময়চোৱাত কাজিৰঙাৰ ওচৰৰ হাঠীকুলি চাহ বাগিচাত ২ বছৰ বাগানৰ কৰ্মচাৰীসকলকো চিকিৎসা প্ৰদান কৰিছিল৷সেই কৰ্মীসকলৰ চিকিৎসা কৰাৰ বাহিৰেও সৰু ল’ৰা-ছোৱালীবোৰৰ বাবে পুথিভঁৰাল এটিও সাজি থৈ গৈছে।লগতে,বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু বহুখিনি সফলো হৈছিল নলবাৰীৰ অসম গৌৰৱ চিকিৎসক দীপম৷
- Log in to post comments
- 81 views