মৃণাল ডেকা,শুৱালকুছি:
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আচঁনি ৰূপায়ণত শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ লগতে ৮৭ নং বংশৰ গাওঁ পঞ্চায়তত হিতাধিকাৰী বাচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হিন্দু বসতি প্ৰধান পঞ্চায়তটোত ভুৱা মুছলমান ধৰ্মাৱলম্বী হিতাধিকাৰীৰ উপৰি একাংশ চৰকাৰী চাকৰিয়াল ৰাজনৈতিক নেতাৰ অঙহী - বঙহি, কমবয়সীয়া ছাত্র লগতে ভুমিহীন লোকৰ নাম হিতাধিকাৰীৰ তালিকাত ঠাই পোৱা বুলি অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ অনুসৰি, ৮৭ নং বংশৰ গাওঁ পঞ্চায়তত মূছলমান ধৰ্মাৱলম্বী কোনো পৰিয়াল নথকাৰ পিছতো পি এম কিষান সন্মান নিধিৰ তালিকাত মূছলমান হিতাধীকাৰীৰ নাম সন্নিবিষ্ট হোৱাত অঞ্চলটোত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পঞ্চায়ত খনত কোনো মূছলমান লোকৰ নাম ভোটাৰ তালিকাত নথকাৰ লগতে কোনো বসতি মাটি - বাৰী নাই বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে । তেনে ক্ষেত্ৰত কেনেদৰে বংশৰ পঞ্চায়তত মূছলমান লোকে পি এম কিষান সন্মান নিধিৰ তালিকাত কেনেকৈ ঠাই পালে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে । পঞ্চায়তটোৰ অন্তৰ্ভুক্ত হিতাধিকাৰী সকলৰ বেছিভাগে কৃষি কৰ্মৰ লগত জড়িত নহয় । তদুপৰি একেজন হিতাধিকাৰীৰ নাম একাধিকবাৰ বাছনি কৰাৰো অভিযোগ উঠিছে । হিতাধিকাৰীৰ মাজত চাকৰিয়াল, পেঞ্চনাৰ, ব্যৱসায়ী, ছাত্রৰ লগতে পঞ্চায়ত সদস্য - সদস্যাৰ পুত্ৰ- কন্যা, অঙহী- বঙহীও হিতাধিকাৰীৰ তালিকাত ঠাই পাইছে বুলিও অভিযোগত প্ৰকাশ কৰে । পঞ্চায়তখনৰ মূছলমান লোকৰ হিতাধিকাৰীৰ তালিকাত থকা ক্ৰমিক নং ১ আব্দুল মতলিব ,৬ আক্ৰাম হুছেইন ১৪ আনোৱাৰ আলী , ২০ বাহাৰুল ইছলাম ,আদিকে ধৰি কেবাজনৰো নাম আছে । । এনেদৰে পঞ্চায়ত খনত মুছলমান ধৰ্মাৱলম্বী লোকৰ নাম পি এম কিষান সন্মান নিধি আচনিত হিতাধিকাৰী ৰূপে ঠাই পাইছে । হিন্দু অধ্যুৰ্ষিত পঞ্চায়তটোত মুছলমান হিতাধীকাৰীৰ নাম কিয় সন্নিবিষ্ট হ'ল আৰু পঞ্চায়তটোত সংঘটিত অনিয়মৰ উচিত তদন্তৰ দাবী জনাই প্ৰকৃত কৃষকক আচনিত সন্নিৱিষ্ট কৰিবলৈ অঞ্চলটোৰ সচেতন মহলে চৰকাৰৰ ওচৰত দাবী তুলিছে।
--------------------------------------
- Log in to post comments
- 149 views