১১৪ নং গন্ধমৌ গাঁঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনিত দুৰ্নীতি:বঞ্চিত প্ৰকৃত কৃষক 

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ  ১১৪ নং গন্ধমৌ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনিৰ অধীনত কৃষকক বছৰকেত প্ৰদান কৰা ছহেজাৰ টকা সাহায্য প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ স্থানীয় কৃষক ৰাইজৰ।পঞ্চায়তটোত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আচঁনিৰ হিতাধিকাৰীৰ তালিকাত ভুৱা কৃষক  অন্তৰ্ভুক্ত হোৱাত প্ৰকৃত কৃষক এই আচঁনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱা ঘটনাই গন্ধমৌ পঞ্চায়তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় সচেতন ৰাইজে অভিযোগ কৰি কয় যে  পঞ্চায়তখনৰ গন্ধমৌ দাস চূপা,নাথ চূপা , দলিবাৰী পাম,১ নং কিছমৎ বংশৰ আদি কৰি বিভিন্ন অঞ্চলত এই আচঁনি ৰূপায়ণত সংঘটিত অনিয়ম চৰকাৰী ৱেবছাইটতে স্পষ্টকৈ আছে।এই হিতাধিকাৰীসকল বেছিভাগেই কৃষিকৰ্মৰ লগত জড়িত নহয় ৷ হিতাধিকাৰীৰ তালিকাত চাকৰিয়াল , পেন্সনাৰ,ব্যৱসায়ী,পঞ্চায়ত প্ৰতিনিধিৰ সদস্য - সদস্যাৰ অঙহী-বঙহীয়েও স্থান লাভ কৰিছে বুলি স্থানীয় কৃষক তথা বিভিন্ন দল-সংগঠনে অভিযোগ কৰিছে।পঞ্চায়তখনত সংঘটিত এনে অনিয়মৰ উচিত তদন্তৰ দাবী জনাই প্ৰকৃত কৃষকক আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ ৰাইজে দাবী জনাইছে। 
 

Your Comments