প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম:কৃষক সভাৰ কৃষিমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ 

হাজোৰ পৰা কমলাকান্ত দাস:

সমগ্ৰ দেশতে গৰীৱ কৃষক ৰাইজ উপকৃত হোৱাকৈ তথা কৃষকৰ কৃষি কাৰ্যত সকাহ দিয়াৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনি ৰূপায়ণত সমগ্ৰ ৰাজ্যৰ লগতে হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত কুৰিখনকৈ গাওঁ পঞ্চায়ততো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে অসম ৰাজ্যিক কৃষক সভা হাজো-দমদমা আঞ্চলিক কমিটীয়ে।কৃষক সংগঠনটোৰ আঞ্চলিক কমিটীৰ সম্পাদক মকিবৰ ৰহমানে এটা প্ৰেছ বাৰ্তাত উল্লেখ কৰা মতে,সমগ্ৰ ৰাজ্যতে ৰাজহ গাঁঁওভিত্তিত প্ৰস্তুত কৰা কৃষকৰ হিতাধিকাৰীৰ তালিকাত বহুসংখ্যক গাঁঁৱৰ স্থায়ী বাসিন্দা নোহোৱা ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈছে।ঠিক তেনেদৰে এবিঘাও কৃষি ভূমি নথকা,কৃষিৰ লগত কোনো সম্পৰ্ক নথকা লোকৰ লগতে চাকৰিয়াল ব্যাক্তি,স্কুল - কলেজত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ নামো কৃষকৰ তালিকাত অন্তৰ্ভুক্ত কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে।আনকি ভুৱা কৃষকৰ সুযোগ লৈ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ একাংশ কৰ্মচাৰীয়েও উৎকোচ লোৱা বুলিও পৰিষদে অভিযোগ কৰিছে। সংগঠনটোৱে এই প্ৰেছ বিবৃতিত আৰু উল্লেখ কৰা মতে,প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনিৰ জড়িয়তে এজন কৃষকে বছৰত ছয় হেজাৰ টকা তেওঁঁলোকৰ নিজা বেংক একাউণ্টত জমা পাব আৰু প্ৰয়োজন হ'লে কৃষক গৰাকীয়ে সেই টকা উলিয়াই সামগ্ৰী কিনিব পাৰিব।বিবৃতিত আৰু উল্লেখ কৰা মতে,এই আঁঁচনি ৰূপায়ণৰ ক্ষেত্ৰত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় লৈ একোটা পৰিয়ালৰে দুই-তিনিজনকৈ সদস্যৰ নাম তালিকাত সন্নিৱিষ্ট কৰিছে।এই আঁঁচনিত প্ৰকৃত কৃষকক বঞ্চিত কৰি ধনী ব্যক্তি,চৰকাৰী পেঞ্চনাৰৰ নাম সন্নিৱিষ্ট কৰাৰ লগতে এই আঁচনিখনৰ ৰাজনীতিকৰণ কৰা বুলিয়ো উল্লেখ কৰে।এই আঁচনিখনত সংঘটিত হোৱা ব্যাপক অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছত খোদ কৃষিমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিয়া কাৰ্য্যক সংগঠনটোৱে আদৰণি জনাইছে যদিও তদন্তত দোষী সাব্যস্ত বিষয়া-কৰ্মচাৰী,পঞ্চায়ত প্ৰতিনিধিৰ শাস্তিমূলক ব্যৱস্থাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী  উত্থাপন কৰে আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁঁচনিৰ দুৰ্নীতি          বন্ধ  কৰক,আসোঁৱাহযুক্ত তালিকা বাতিল কৰি নতুন তালিকা প্ৰস্তুত কৰক,হিতাধীকাৰী বাচনি কমিটী পঞ্চায়তভিত্তিত গঠন কৰক , এই কমিটীত বিভিন্ন দল-সংগঠন,বিশেষকৈ কৃষক সভাৰ প্ৰতিনিধিক যুক্ত কৰক,ৰাজ্যৰ সকলো ভুমিহীন আৰু গৰীৱ কৃষকক এই আঁঁচনিৰ হিতাধীকাৰী হিচাপে নিশ্চিত কৰক, লকডাউনৰ সময়ত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়ক আৰু কৃষিপণ্য উচিত মূল্যত ক্ৰয় কৰি সূলভ মূল্যত সৰ্বসাধাৰণ ৰাইজক যোগান ধৰক আদি দাবী সম্বলিত তথা সংগঠনটোৰ আঞ্চলিক কমিটীৰ সম্পাদক মকিবৰ ৰহমান স্বাক্ষৰিত এক স্মাৰক পত্ৰ আজি হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ কৃষিমন্ত্ৰলৈ প্ৰেৰণ কৰে।

Your Comments