নলবাৰী জিলা পৰিষদৰ অধ্যক্ষৰ ক'ৰ'না আক্ৰান্ত পৰিয়ালৰ সৈতে মত বিনিময়

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাক লগত লৈ সোমবাৰে জিলাখনৰ বিভিন্ন ঠাইত আতংকিত ৰাইজৰ মাজত মতবিনিময় কৰে।জিলাখনৰ দাহুদি,বনভাগ,শোলমাৰী আদি কেইবাখনো ঠাইলৈ গৈ গাঁঁওবুঢ়াৰ সৈতে ৰাইজৰ খা-খবৰ কৰে। উল্লেখযোগ্য যে
 ক'ৰ'না আক্ৰান্ত দাহুদিৰ ডাঃ দীপা ডেকাৰ গৃহত উপস্থিত হৈ পৰিয়ালটোৰ বুজ লয় আৰু সাৱধানে থাকিবলৈ পৰামৰ্শ দিয়ে।ইফালে,জিলা পৰিষদৰ অধ্যক্ষগৰাকীয়ে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাই কয় যে চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি-নিয়ম মানি চলি সকলোৱে ক'ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিব লাগিব।অন্যথা নিজে নিজৰ বিপদ চপাই লোৱা হ'ব।তেওঁ লগতে  উৰাবাতৰিত ভোল নাযাবলৈ আৰু প্ৰচাৰৰ পৰাও বিৰত থাকিবলৈ আহ্বান জনায়।জিলা পৰিষদৰ অধ্যক্ষগৰাকীয়ে এনেদৰে মতবিনিময় কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে।

Your Comments