দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
প্ৰধাননন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত নলবাৰী জিলাত ব্যাপক অনিয়ম সংঘটিত হোৱা আৰু ভুৱা হিতাধিকাৰীয়ে এই ঋণ লাভ কৰাক লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।
সোমবাৰে ইয়াৰ উচিত তদন্ত দাবী কৰি নলবাৰী জিলা কৃষি বিষয়াগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো।দাবীত নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে নলবাৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।উল্লেখযোগ্য জিলাখনৰ পূব নলবাৰী,পশ্চিম নলবাৰী,বৰক্ষেত্ৰী,বনভাগ উন্নয়ন খণ্ড (ঘগ্ৰাপাৰ)কে ধৰি সাতটা উন্নয়ন খণ্ডৰ অধীনত কৃষি সাহায্যৰ নামত প্ৰকৃত খেতিয়কৰ বিপৰীতে অনেক ভুৱা হিতাধিকাৰী আৰু একাংশ চাকৰিয়াল,পঞ্চায়ত প্ৰতিনিধি, তথা বিত্তবান লোকে এই সাহায্য লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।
- Log in to post comments
- 90 views