মৃণাল ডেকা,শুৱালকুছি:
সাম্প্ৰতিক সময়ত কামৰূপ জিলাৰ বিভিন্ন ৰাজহুৱা খাল,বিল,জলাশয়,জান-জুৰি আদিত মীন বিভাগৰ নিৰ্লিপ্তাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু মাছ ব্যৱসায়ীয়ে ভাৰতীয় মীন আইন উলংঘা কৰি অবাধে কণীযুক্ত মাছ নিধন কাৰ্য চলাই আছে বুলি এক বিবৃতি যোগে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে অভিযোগ কৰে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে অসমৰ জলাশয়ত দেখিবলৈ পোৱা কাৱৈ,গৰৈ,মাগুৰ , শিঙি,শিঙৰা,তুৰি,বতিয়া,ককিলা,শ’ল, শাল,ভেদেঙী,পুঠি দৰিকণাখলিহনা,নাৰ,বাট, পাভ,চেনীপুঠি,মিছা আদি থলুৱা মাছবোৰৰ বজাৰ চাহিদা যথেষ্ট বেছি।চ’ত-ব’হাগ মাহৰ পৰা আহাৰ মাহত উপযুক্ত মতা আৰু মাইকী মাছবোৰ প্ৰজননক্ষম হৈ উঠে।মাছৰ বংশবৃদ্ধিৰ স্বাৰ্থত ভাৰতীয় মীন নীতি অনুসৰি এপ্ৰিলৰ পৰা জুলাই মাহ পৰ্যন্ত মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে খাল,বিল,জান-জুৰি জলাশয় তথা মীন মহল আদি অঞ্চলত কণীযুক্ত তথা শুক্ৰ থকা মাছ মৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে।কিন্তু লকডাউনৰ মাজতেই কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ খাল,বিল পৰিত্যক্ত জলাশয় তথা দ জলাশয়ত পানী সিঁঁচি অবৈধভাৱে মাছ ধৰিছে।তদুপৰি,মাছমৰীয়াসকলে কণী হোৱা মাছ আৰু সৰু সৰু পোৱালি মাছবোৰ অবাধে নিধন কাৰ্য চলাই থলুৱা মাছৰ বংশবৃদ্ধি হ্ৰাস কৰা বুলি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু হেমন্ত দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰে।আনহাতে , কামৰূপ জিলা মীন বিভাগে ৰহস্যজনক ভূমিকা পালন কৰাত অতি ক্ষোভৰে কলিতা আৰু দাসে কয় যে মীন বিভাগৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ লৈ একাংশ মাছমৰীয়াই অবাধে কণীযুক্ত মাছৰ নিধন চলাই যোৱাত অস্বাভাৱিকভাৱে থলুৱা মাছ দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে।অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰ বিজ্ঞানসন্মত পদ্ধতিৰে পালন কৰিবলৈ তেওঁলোকে আহ্বান জনায়।মীন আইন তথা চৰকাৰৰ নিষেধাজ্ঞা ভংগ কৰি মাছ মৰাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়।
- Log in to post comments
- 59 views