নলবাৰীৰ বাটসৰৰ নাৰকীয় হত্যাকাণ্ডৰ বলি যুৱতীক চিনাক্ত

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত বাটসৰত যোৱা ৪ মে’ত সংঘটিত হোৱা নাৰকীয় হত্যাকাণ্ডৰ বলি যুৱতীগৰাকীৰ পৰিয়ালৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে বেলশৰ আৰক্ষী।যোৱা ৪ মে’ৰ নিশা প্ৰায় ৮ বজাত ওচৰ-চুবুৰীয়াই এগৰাকী যুৱতীৰ বিকট চিঞৰ শুনিবলৈ পায় বাটসৰ দুৰ্গা মন্দিৰৰ সম্মুখত৷অৱশ্যে নিশাৰ আন্ধাৰৰ হেতু কোন দিশৰ পৰা চিঞৰটো আহিছিল,সেয়া ওচৰ-চুবুৰীয়াই ভালদৰে অনুমান কৰিব পৰা নাছিল।যদিও পিছত টৰ্চৰ পোহৰত একাংশ লোকে দুৰ্গা মন্দিৰৰ চৌহদৰ ভিতৰত এগৰাকী যুৱতীৰ তেজেৰে তুমৰলি হৈ থকা নিঠৰ দেহ প্ৰত্যক্ষ কৰে৷পিছত স্থানীয় ৰাইজ  গোট খোৱাত পুলক শৰ্মা নামৰ লোকজনে বেলশৰ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰায় আৰু নিশাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।আৰক্ষীয়ে তদন্ত কৰি নলবাৰী অসামৰিক চিকিৎসালয়ৰ মৰ্গত যুৱতীগৰাকীৰ পৰিয়ালৰ সহযোগত মৃতকক চিনাক্তকৰণ কৰিবলৈ সক্ষম হয় । পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ নাম ৰুমী বেগম বুলি জনায়।২৮ বছৰীয়া ৰুমী বেগমৰ ঘৰ মুকালমুৱাৰ বামুণবড়িত।প্ৰায় ১৬ বছৰ পূৰ্বে ৰুমী বেগম মঙলদৈৰ ছাদেক আলিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁ তিনিটা সন্তানৰ মাতৃ আছিল।জানিব পৰা মতে ১৬ বছৰ ধৰি বৈবাহিক জীৱন সুখৰ নাছিল ৰুমী বেগমৰ।পৰিয়ালৰ লোকৰ মতে ছাদেক আলীৰ পৰস্ত্ৰীৰ লগত অবৈধ সম্বন্ধ আছিল। ছাদেক আলীয়েই নিজ পত্নী ৰুমী বেগমক হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে 

Your Comments