ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুল:শিক্ষাৰ্থীৰ মাজত পলিথিনৰ পৰিৱৰ্তে কাপোৰৰ ঠোহাত চাউল-দাইল বিতৰণ 

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলত লকডাউনৰ সময়তে শিক্ষা বিভাগৰ উৰ্ধতন      কৰ্তৃপক্ষৰ নিৰ্দেশত শনিবাৰে আৰু যোৱা ৬,৭,৮ মে’ত শিক্ষাৰ্থীসকলৰ মাজত  মধ্যাহ্ন ভোজনৰ  সামগ্ৰী বিতৰণ কৰে৷লকডাউনৰ নিয়ম ৰক্ষা কৰি ৬ষ্ঠ মানৰ পৰা ৮ম মানলৈ ৪৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাউল,দাইল বিতৰণ কৰে৷শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰ,সহকাৰী শিক্ষক,কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জগত তালুকদাৰ আৰু উপ-সভাপতি ৰাতুল চন্দ্ৰ ডেকাৰ উপস্থিতত  লকডাউনৰ সময়ত অতি শৃংখলাবদ্ধভাৱে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত চাৰিদিন ধৰি উক্ত সামগ্ৰী বিতৰণ কৰে।শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে  জানিবলৈ দিয়া মতে এই বিতৰণ প্ৰক্ৰিয়াত পলিথিনৰ  পৰিৱৰ্তে প্ৰদূষণমুক্ত বেগ ব‍্যৱহাৰ কৰি ছাত্ৰ -ছাত্ৰীক সামগ্ৰী প্ৰদান কৰে৷উল্লেখ‍্য‍ যে  লকডাউনৰ সময়ত সাহায্য প্ৰদান কৰোঁঁতে ব‍্যৱহাৰ কৰা পলিথিনে প্ৰদূষণ বৃদ্ধি কৰিছে। কিন্তু তেনে সময়ত এই শিক্ষানুষ্ঠানখনে সামগ্ৰী বিতৰণত কাপোৰৰ ঠোহা ব‍্যৱহাৰ কৰি প্ৰদুষণ বিৰোধী নীতিশিক্ষা দিয়াটো লক্ষণীয়।

Pic

লগতে প্ৰধান শিক্ষক তালুকদাৰে ইয়াকো কয় যে চৰকাৰী নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীক অনলাইনৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিছে।লগতে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে ফোনযোগে ক'ৰ'না আৰু পাঠদানৰ দিহা-পৰামৰ্শ দি আহিছে।উল্লেখ্য যে যি সময়ত চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত শিক্ষানুষ্ঠান বন্ধৰ উপক্ৰম হৈছে,সেই সময়তে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮০০ গৰাকী।


 

Your Comments