কামৰূপৰ দদৰাত গেছ এজেন্সিৰ মইমতালি:পুৱাৰে পৰা শ শ গ্ৰাহকৰ দীঘলীয়া শাৰী

Pic

মৃণাল ডেকা,শুৱালকুছি: 

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বাবে গেছ যোগান ধৰা  ব্যৱসায়িক প্ৰতিষ্ঠান দদৰাৰ মাজমজিয়াত থকা 'এমএচএলএনপি ভাৰত গেছ গ্ৰামীণ বিতৰক এজেন্সি' নামৰ প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলক নিয়মীয়াভাৱে গেছ যোগান ধৰাত ব্যৰ্থ হোৱা বুলি গ্ৰাহকসকলে অভিযোগ কৰিছে ৷অভিযোগ অনুসৰি,এজেন্সিটোৰ গ্ৰাহকসকলে চিলিণ্ডাৰ নিবলৈ আহি পুৱাৰে পৰা বোন্দাপৰ দি গেছৰ যোগানৰ অভাৱত সুদা মুখে ঘৰলৈ যাবলৈ বাধ্য হয় ৷  এনেদৰেই তিনি-চাৰি দিনলৈকে এটা চিলিণ্ডাৰ নিবলৈ গ্ৰাহক আহি থকাৰ ফলত পৰৱৰ্তী দিনত গ্ৰাহকৰ সংখ্য অধিক বৃদ্ধি পায় ৷ দেওবাৰেও বহু গ্ৰাহকে সামাজিক দূৰত্ব ধোঁঁৱাচাঙত তুলি ৰন্ধন গেছ পোৱাৰ আশাৰে পুৱাৰে পৰা দূৰ-দূৰণিৰ পৰা গাড়ী ভাৰা খৰছ কৰি এজেন্সিটোৰ সম্মুখত দীঘলীয়া শাৰী পাতে।যি সময়ত ক'ৰ'না মহামাৰীৰ প্ৰতিৰোধৰ বাবে লকডাউনৰ সময়ছোৱাত গেছ এজেন্সিসমূহক ছিলিণ্ডাৰ গ্ৰাহকসকলৰ ঘৰতে দি অহাৰ কথা ঘোষণা কৰিছে।সেই সময়তে দদৰাস্থিত এই এজেন্সিটোৱে বুকিং কৰাৰ পাছতো ৰন্ধন গেছ হোম ডিলিভাৰী নকৰে বুলি এজেন্সিটোৰ গ্ৰাহকসকলে অভিযোগ কৰে।চৰকাৰী নীতি-নিৰ্দেশনাক আওকান কৰি গেছ এজেন্সিটোৱে দীৰ্ঘদিনৰ পৰা গ্ৰাহকসকলক হাৰাশাস্তি কৰি আহিছে বুলি ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ কৰাৰ লগতে অসমত দ্ৰুত গতিত ক'ৰ'না সংক্ৰমণ অব্যাহত থকাৰ পিছতো কোনো সামাজিক দূৰত্ব তথা চৰকাৰী নীতি- নিৰ্দেশনা নমনা গেছ এজেন্সিটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায়।

Your Comments