নলবাৰীৰ পৰা হেমন্ত কলিতা:
সমগ্ৰ বিশ্বত ক'ৰ'না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছে।ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ 'লকডাউন'।লকডাউনৰ ফলত বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ পৰিছে।নলবাৰী জিলাৰ বনভাগ খাটা দিহজাৰী হাইস্কুলে বিভিন্ন মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আছে।শৈক্ষিক ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া বিদ্যালয়খনে যোৱা দহ বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ % উত্তীৰ্ণ হাৰেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মাৰ নেতৃত্বত মাৰ্চৰ ২৪ তাৰিখৰ পৰা বৰ্ত্তমানলৈকে চাৰিটাকৈ হোৱাটচএপ গ্ৰুপ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ(৫১),ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী(২৩২),নৱম শ্ৰেণী (৮৭) আৰু দশম শ্ৰেণী(৯১)ৰ জড়িয়তে শিক্ষক-শিক্ষয়িত্রীসকলে পাঠদান কৰি আছে।হোৱাটচএপ আৰু ফোন কৰি ছাত্ৰ-ছাত্ৰীসকলক গৃহকাৰ্য দি সেইবোৰ শুধৰণি কৰি দিছে।উচ্চ শাখাৰ ছাত্ৰ-ছাত্ৰীৰ স্মাৰ্ট ফোন থকাত অনলাইন পাঠদানত অসুবিধা হোৱা নাই যদিও নিম্ন শাখাৰ ছাত্ৰ-ছাত্ৰীৰ স্মাৰ্ট ফোন নথকাত অসুবিধাৰ সন্মুখীন হোৱাত সামাজিক দূৰত্ব বজাই মাক্স পিন্ধি গাঁঁৱে-গাঁঁৱে গৈ ৪ /৫ গৰাকী ছাত্ৰ-ছাত্ৰীক লগ কৰি পাঠদান কৰিছে।প্ৰথম/দ্বিতীয় শ্ৰেণীত হৰমোহন ডেকা আৰু তৃতীয় /চতুৰ্থ শ্ৰেণীত প্ৰণৱ কুমাৰ দাসে পাঠদান কৰি আছে।ইয়াৰ উপৰিও জুম এপৰ তিনিখন ভিডিঅ' কনফাৰেঞ্চৰ জড়িয়তে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সুশান্ত গোস্বামীয়ে সমাজ বিজ্ঞান আৰু হিন্দী,ৰিংকুমণি শৰ্মা অসমীয়া আৰু সংস্কৃতপ্ৰধান শিক্ষক মহেশ্বৰ বৰ্মা গণিত,প্ৰণৱ কুমাৰ বৰ্মন বিজ্ঞান,বিদ্যুৎ ভট্টাচাৰ্য্য ইংৰাজী আৰু বিপিন কলিতাই ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান প্ৰশ্নত্তোৰ দি প্ৰত্যক্ষভাৱে পাঠদান কৰি আছে।বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মা আৰু শিক্ষক-শিক্ষয়িত্রীসকলৰ এনে শৈক্ষিক পদক্ষেপৰ অঞ্চলটোৰ ৰাইজে আদৰণি জনাইছে।
- Log in to post comments
- 23 views