মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক'ৰ'না কোৱাৰেণ্টাইন কক্ষৰ পৰা শনিবাৰে পলায়ন কৰা লোকজনক নিশাই হাজো আৰু দদৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।কোৱাৰেণ্টাইন কক্ষৰ পৰা পলায়ন কৰা লোকজন হ'ল পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সুৰেশ সাহানি।জানিব পৰা মতে, যোৱা ৮ মে'ত এই লোকজনক আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ পৰা আনি শিঙিমাৰীৰ কোৱাৰেণ্টাইন কক্ষত ভৰ্তি কৰোৱা হৈছিল।কিন্তু,কোৱাৰেন্টাইন কক্ষৰ পৰাই শনিবাৰে দিনৰ ভাগত চেগ বুজি পলাই আহিছিল।আনহাতে,এই লোকজনৰ পলায়নৰ খৰ বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় যদিও শনিবাৰেই নিশাৰ ভাগত অতি তৎপৰতাৰে হাজো আৰক্ষীয়ে ৰাইজৰ সহযোগত হাজোৰ বিহদিয়াৰ পৰা আটক কৰি পুনৰ শিঙিমাৰীৰ কোৱাৰেন্টাইন কক্ষলৈ প্ৰেৰণ কৰাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।
- Log in to post comments
- 32 views