জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ 'চলন্তিকা'লৈ 'ৰোহিনী মেধি সোঁৱৰণী বঁটা-২০২০'

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

সদৌ অসম সাংবাদিক সন্থা(আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক,সাহিত্যিক,সমাজকৰ্মী, সমাজ সংগঠক প্ৰয়াত ৰোহিনী মেধিৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰি অহা 'ৰোহিনী মেধি সোঁৱৰণী বঁটা - ২০২০' এইবছৰ লাভ কৰিছে 'অসমীয়া খবৰ' কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা কবি দিগন্ত কুমাৰ নাথৰ মৌলিক গ্ৰন্থ 'চলন্তিকা'ই।আগশাৰীৰ সাহিত্য - সংস্কৃতিমূলক অনুষ্ঠান 'বাসনা সাহিত্য গোষ্ঠী'ৰ তৰফৰ পৰা এইকথা প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে বিগত বৰ্ষত এই বঁটা 'সময় শংকা শব্দ' শীৰ্ষক মৌলিক গ্ৰন্থখনৰ বাবে বিশিষ্ট সাংবাদিক তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ  অজিত কুমাৰ ভূঞাই লাভ কৰিছিল।এইবেলি মুঠ ৬৬২ খন গ্ৰন্থৰ মাজৰ পৰা 'চলন্তিকা'ক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়।শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা সাংবাদিক দিগন্ত কুমাৰ নাথৰ 'নৈশব্দৰ উপহাৰ' আৰু 'জালুকবাৰীত ৰাতি পুৱাব' নামৰ দুখন কাব্যগ্ৰন্থ ইতিপূৰ্বে প্ৰকাশ পাইছে । 'চলন্তিকা' নাথৰ প্ৰকাশিত তৃতীয়খন গ্ৰন্থ । অহা ৬ জুনৰ দিনা প্ৰয়াত ৰোহিনী মেধিৰ পঞ্চম মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক নাথক এই বঁটা প্ৰদান কৰা হ'ব বুলি বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধি আৰু ভাৰপ্ৰাপ্ত সম্পাদক দেৱীপ্ৰসাদ অধিকাৰীয়ে জানিবলৈ দিছে।ইফালে,উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

Your Comments