'তলাবন্ধ'ৰ নিয়ম নমনা ঘগ্ৰাপাৰৰ ৫ খন গেলামালসহ ৬ খন দোকান ছীল কৰাৰ নিৰ্দেশ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

যোৱা ৪ মে'ৰ পৰা ৰাজ‍্যৰ অন্যান্য অংশৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো 'তলাবন্ধ'ত কিছু শিথিলতা প্ৰদান কৰা হৈছে যদিও ইয়াৰ সুবিধা লৈ একাংশ দোকান -ব্যৱসায়িক প্ৰতিষ্ঠানে নিয়ম উলংঘা কৰাত প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।তলাবন্ধৰ সময়ত দুৰ্যোগ প্ৰশসন প্ৰাধিকাৰীয়ে বান্ধি দিয়া নিয়ম উলংঘাৰ অপৰাধত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাঁচখন গেলামাল দোকানৰ লগতে এখন ইলেকট্ৰনিক দোকান ছীল কৰাৰ নিৰ্দেশ ৯ মে'ত নলবাৰী উপায়ুক্তই জাৰি কৰে।উল্লেখ‍্য‍ যে কোভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে  ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীয়ে যোৱা ৩ মে'ত জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ‍্যৰ সকলো        ব্যযৱসায়িক প্ৰতিষ্ঠান আবেলি ৫ বজাত বন্ধ কৰিব লাগে।কিন্তু এই নীতি-নিয়ম অমান্য কৰি ৰাজহ চক্ৰটোৰ অন্তৰ্গত সোণকুৰিহাৰ হেমেন বড়ো আৰু লিয়াকত খানৰ গেলামাল দোকান, ২ নং অৰৰাৰ হেমেন কলিতাৰ গেলামাল দোকান আৰু আকাশ আলীৰ ইলেক্ট্রিকেল দোকান,পৈচাৰাৰ খৰ্গেশ্বৰ বেজবৰুৱাৰ গেলামাল দোকান আৰু নিজ খগটাৰ সোনমণি তালুকদাৰৰ নিজৰ গেলামাল দোকান খোলা ৰাখিছিল।যোৱা ৫ মে'ত ঘগ্ৰাপাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ টহলদাৰী দলে উক্ত দোকানকেইখন আবেলি ৫ বজাৰ পিছত খুুলি ৰখা প্ৰত্যক্ষ কৰিছিল।বিষয় সন্দৰ্ভত আৰক্ষীয়ে বিহিত ব‍্যৱস্থা লোৱাৰ বাবে ঘগ্ৰাপাৰ চক্ৰ বিষয়াক আবেদন জনাইছিল।চক্ৰ বিষয়া নন্দিতা হাজৰিকাই য়োৱা ৬ মে'ত নিয়ম উলংঘাকাৰী দোকানকেইগৰাকীৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰাৰ বাবে উপায়ুক্তলৈ আবেদন কৰাত ৯ মে'ত  দোকানকেইন ছীল কৰাৰ নিৰ্দেশ দিয়ে।নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কোভিড --১৯ ৰেগুৰেচন ২০২০ ৰ ১৫ নং দফাৰ অধীনত সংশ্লিষ্ট দোকানকেইখন অনিৰ্দষ্ট কাললৈ বলৱৎ হোৱাকৈ ছীল কৰাৰ বাবে ঘগ্ৰাপাৰ চক্ৰ বিষয়ালৈ এক নিৰ্দেশ প্ৰেৰণ কৰে।
 

Your Comments