কুলহাটী পাঁঁচগাও গাঁঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনি ৰূপায়ণত ব্যাপক অনিয়ম 

হাজোৰ পৰা কমলাকান্ত দাস:


দেশৰ দৰিদ্ৰ কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনি ৰূপায়ণত হাজোৰ কুলহাটী পাঁঁচগাঁঁও গাঁঁও পঞ্চায়তত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে।হাজোৰ কুলহাটী পাঁঁচগাও গাওঁ পঞ্চায়তত ভুৱা হিতাধিকাৰীৰ উপৰি একাংশ চৰকাৰী চাকৰিয়াল,ৰাজনৈতিক নেতাৰ অঙহী-বঙহী,কমবয়সীয়া ছাত্র,পঞ্চায়তৰ সদস্যৰ লগতে ভূমিহীন লোকৰ নাম হিতাধিকাৰীৰ তালিকাত ঠাই পাইছে।কুলহাটী পাঁঁচগাও গাওঁ পঞ্চায়তখনৰ বৰদধী অভয়পুৰ গেৰুৱা আৰু কুলহাটী গাঁৱত মুছলমান কোনো পৰিয়াল নথকাৰ পিছতো পি এম কিষাণ সন্মান নিধিৰ তালিকাত মূছলমান লোকৰ নাম সন্নিবিষ্ট হোৱাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি  হৈছে।কুলহাটী পাঁঁচগাও গাওঁ পঞ্চায়তৰ অধীনৰ বৰদধী অভয়পুৰ গেৰুৱা আৰু কুলহাটী গাওঁত কোনো মুছলমান লোকৰ নাম ভোটাৰ তালিকাত নথকাৰ লগতে কোনো বসতি মাটি-বাৰী নাই বুলিও অঞ্চলটোৰ গাওঁবুঢ়াসকলেও জানিবলৈ দিয়ে ।কেনেদৰে কুলহাটী পাঁঁচগাও গাওঁ পঞ্চায়তত মূছলমান লোকে পি এম কিষাণ সন্মান নিধিৰ তালিকাত  ঠাই পালে,সেয়া আশ্চৰ্যৰ বিষয় হৈ পৰিছে।কুলহাটী গাঁৱৰ হিতাধিকাৰী ৮৫৩ গৰাকী,বৰদধী গাঁঁৱত ২৮৮ গৰাকী,গেৰুৱা গাঁৱত ১৫০ গৰাকী আৰু অভয়পুৰ গাঁঁৱত  ৭৫০ গৰাকী আছে।এই হিতাধিকাৰীসকলৰ বেছিভাগেই কৃষি কৰ্মৰ লগত জড়িত নহয় ।তদুপৰি,একেজন হিতাধিকাৰীক একাধিকবাৰ বাছনি কৰাও হৈছে।হিতাধিকাৰীৰ মাজত চাকৰিয়াল,পেঞ্চনাৰ ব্যৱসায়ী,ছাত্র,পঞ্চায়ত সদস্যা আদিৰ নামো তালিকাত সন্নিবিষ্ট হৈছে।তদুপৰি পঞ্চায়ত সদস্য-সদস্যাৰ পুত্ৰ-কন্যা অঙহী-বঙহীও হিতাধিকাৰীৰ তালিকাত ঠাই পাইছে।কুলহাটী পাঁঁচগাও গাওঁ পঞ্চায়ত এলেকাত মূছলমান লোকৰ বসতি, ভোটাধিকাৰ আৰু মাটি নাই যদিও মূছলমান লোকৰ নাম পি এম কিষাণ সন্মান নিধি আঁঁচনিত ঠাই পাইছে।পঞ্চায়তখনৰ কুলহাটী গাঁঁৱত মুছলমান লোকৰ হিতাধিকাৰীৰ তালিকাত থকা ক্ৰমিক নং ৫ আমজেদ আলী,১৬২ ছাহজাহান আলী ,৭৮৩ ছাহজাহান আলী,৮৪২ তাজিমা বিবিকে ধৰি কেইবাজনৰো নাম আছে।তেনেদৰেই বৰদধী গাঁৱত ক্ৰমিক নং ৩৩ বাটেন আলী ,৪০ ভনিয়াৰা বেগম,৬১ চামেদ আলীকে ধৰি প্ৰায় এঘাৰজন মুছলমান লোকে ঠাই পাইছে।পঞ্চায়তখনৰ অভয়পুৰ গাঁঁৱত ক্ৰমিক নং ৩ আবেদুৰ ৰহমান,৫৭ বাবুল হক,১৬২ চুৰিয়া বেগম ৫২৮,নুৰ মহম্মদ আলী আৰু ৭৫০ জাকেৰ হুছেইনকে ধৰি ৩৬গৰাকীয়ে পি এম কিষাণ সন্মান নিধি আঁঁচনিত হিতাধিকাৰীৰূপে ঠাই পাইছে।এনেকুৱা অনিয়মৰ উচিত তদন্তৰ দাবী জনাই প্ৰকৃত কৃষকক আঁঁচনিত সন্নিৱিষ্ট কৰিবলৈ অঞ্চলটোৰ সচেতন মহলে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

Your Comments