দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
এইবাৰ ক'ৰ'নাক লৈ আতংকিত নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ।ক'ভিড-১৯ পজিটিভ হৈ মৃত্যু বৰণ কৰা গুৱাহাটীৰ দীপিকা নাথৰ মাতৃৰ সংস্পৰ্শলৈ আহিছিল ঘগ্ৰাপাৰৰ এগৰাকী লোক।আছাম কেমিকেল কোম্পানীত কৰ্মৰত আছিল নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুন্দৰগাঁও-জাৱৰিহাটী-লাটিমা গাঁও নিৱাসী হৰেশ্বৰ দাসৰ পুত্ৰ বিমল দাস(৩৩) বুলি ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ্য কেন্দ্ৰৰ স্থাস্থ্য বিষয়া ডাঃ এন বিনয় সিনহা জানিবলৈ দিয়ে।জানিবলৈ পৰা মতে লোকগৰাকীয়ে কৰ্ম কৰা কোম্পানীটোলৈ বিগত দিনত আহিছিল মৃত দীপিকা নাথৰ মাতৃ।সেয়েহে সংস্পৰ্শলৈ অহাৰ সন্দেহত লোকজনক ৮ মে'ৰ পুৱা নিজ গৃহত হোম কোৱাৰেইন্টাইনত স্থানীয় স্বাস্থ্য বিভাগে ৰাখিছিল যদিও নিশা নলবাৰী যুটীয়া স্থাস্থ্য সঞ্চালকৰ নিৰ্দেশ মতে ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ্য কেন্দ্ৰৰ এটি দলে বিমল দাসৰ গৃহত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চৰে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে।লগে লগে বিমলক চিকিৎসালয়খনৰ ক'ভিড-১৯ কোৱাৰেন্টাইনৰ ৱাৰ্ডত ভৰ্তি কৰে।ইতিমধ্যে তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰি ক'ৰ'না পৰীক্ষাৰ বাবে পঠোৱা হৈছে।বাতৰি লিখা পৰলৈকে কোনো পৰীক্ষাৰ ফলাফল অহা নাই যদিও অঞ্চলটোৰ লগতে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলতোৰ ৰাইজৰ মাজত ক'ৰ'নাতংক বিৰাজ কৰিছে।ইফালে, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সূত্ৰত জানিবলৈ দিয়া মতে বৰাজোলৰ এগৰাকী বড়ো সম্প্ৰদায়ৰ ষাঠি উৰ্ধৰ লোককো শুকুৰবাৰে নিশা ক'ৰ'নাৰ কিছু লক্ষণ পোৱাত নলবাৰীৰ কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে।
- Log in to post comments
- 269 views