নলবাৰীৰ পৰা হেমন্ত কলিতা:
লকডাউনৰ দুঃসময়ৰ মাজতে স্বাস্থ্য বিভাগৰ ঘোষিত সকলো নীতি-নিয়ম মানি শনিবাৰে নলবাৰীৰ বাহঁজানীৰ মৰোৱা-মাধাপুৰত নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্গত নলবাৰী আঞ্চলিক কৃষক সভাৰ উদ্যোগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ বিয়াগোম কেলেংকাৰীৰ তীব্ৰ প্ৰতিবাদ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জিলা কৃষক সভাৰ সম্পাদক ৰবীন মিশ্ৰই কয় যে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁঁচনিৰ কৃষকক সাহায্য প্ৰদানৰ নামত ৰাইজৰ ধনৰ ব্যাপক অপচয় কৰাৰ লগতে বাহঁজানীৰে নহয়,সমগ্ৰ নলবাৰীতে তথাকথিত জনপ্ৰতিনিধি আৰু কৃষি বিভাগৰ এচাম বিষয়া-কৰ্মচাৰীয়ে লুটৰাজ চলালে।বিজেপি নেতাৰ পৰিয়াল,জিলা পৰিষদৰ প্ৰতিনিধি, পঞ্চায়ত সভাপতি,আঞ্চলিক সদস্যৰ একাউন্টত কৃষকৰ বাবে আবণ্টিত ধন সোমোৱাৰ ব্যৱস্থা কৰা হ'ল বুলি মিশ্ৰই অভিযোগ তোলে।ৰাইজৰ লগতে কৃষকৰ এই দূৰ্দিনত এনে নীচ পন্থাৰেও জনসাধাৰণক বঞ্চনা কৰাসকলৰ উচিত শাস্তিৰ দাবীত ব্যাপক জনমত গঢ়ি তুলিব লাগিব।ৰাইজৰ দাবীত আৰম্ভ হোৱা তদন্তৰ প্ৰতিবেদন নলবাৰীৰ উপায়ুক্তক ৰাজহুৱা কৰিবলৈ ভাষনত বিশিষ্ট কৃষক নেতা ৰবীন মিশ্ৰই দাবী জনায়।যুৱ কৃষক ৰাজীৱ আলীয়ে আঁঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত মিশ্ৰই পুনৰ কয় যে কংগ্ৰেছ কি,বিজেপি কি কাৰোৰে কৃষকৰ সমস্যা সমাধানত আগ্ৰহ নাই।কংগ্ৰেছৰ দিনৰ দুৰ্নীতি আজি বিজেপিৰ তথাকথিত পৰিৱৰ্তনৰ সময়তো চলি যে আছে,তাক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কৃষকক সাহায্য প্ৰদানৰ বৃহৎ কেলেংকাৰীয়ে উন্মোচন কৰিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।
- Log in to post comments
- 13 views