'লকডাউন'ৰ সময়ত চিত্ৰকৰ্ম:শিৱসাগৰৰ শিল্পী উৎপল শৰ্মাৰ 'এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডছ্ বুুক'ত স্থান লাভ 

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰৰ এজন শিল্পীয়ে 'লকডাউন'ৰ সময়খিনিৰ উচিত প্ৰয়োগৰ দ্বাৰা ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি বিশ্বৰ বিভিন্ন অভিলেখ সৃষ্টিকাৰীক স্বীকৃতি প্ৰদান কৰি অহা সংস্থা 'এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচ্ গৱেষণা সংস্থা'ৰ 'এচিষ্ট    ৱৰ্ল্ড ৰেকৰ্ডচ্ বুুক'ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে।উক্ত সংস্থাটোৱে দেশত প্ৰৱৰ্তিত হৈ থকা লকডাউনৰ সময়চোৱাত বিভিন্নজনে নিজৰ  সৃজনীশীলতাক প্ৰকাশ কৰি এই সময়ছোৱাৰ সদপ্ৰয়োগ কৰাৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰিছিল।ইয়াত অংশগ্ৰহণ কৰি শিৱসাগৰ নগৰৰ ফুকন নগৰৰ নিৱাসী উৎপল শৰ্মাই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এই সংস্থাৰ অভিলেখ পুস্তিকাখনত নিজৰ নাম অন্তৰ্ভুক্ত কৰাবলৈ সক্ষম হয়।উৎপলে অংকন কৰা এই চিত্ৰসমূহ আৰ্ট পেপাৰত পানী ৰং ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তু আছিল প্ৰকৃতি,পশু-পক্ষী,বিভিন্ন দেশৰ কীৰ্তিচিহ্ন আৰু বিশ্বৰ বিভিন্ন বিখ্যাত ব্যক্তিৰ প্ৰতিকৃতি। চিত্ৰসমূহৰ আকাৰ আছিল মাত্ৰ ৫ মিলিমিটাৰ পৰা ১২ মিলিমিটাৰ আৰু এইসমূহ অংকন কৰিবলৈ সময় লাগিছিল মুঠ ১২ দিন।প্ৰথম পৰ্যায়ৰ লকডাউনকালত ২৭ মাৰ্চৰ পৰা অংকন কৰিবলৈ লোৱা এই চিত্ৰসমূহে কম সময়ত অংকন কৰা অধিকসংখ্যক ক্ষুদ্ৰচিত্ৰ শিতানত স্থান লাভ কৰে।উল্লেখ যে উৎপল শৰ্মা পেছাত এজন গ্ৰাফিক ডিজাইনাৰ তথা হস্তশিল্পৰ চৰ্চাকাৰী। উৎপলে ইয়াৰ পূৰ্বেও ২০১২ চনত ৩.৭ ছেন্টিমিটাৰ জোখৰ ব্ৰ'মাইড পেপাৰত ছাৰ্জিকেল ব্লেডেৰে বিশ্বৰ সপ্ত আশ্চৰ্য অংকন কৰি 'ইণ্ডিয়া বুক অব ৰেকৰ্ডচ'ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল।

Your Comments