ক'ৰ'না প্ৰতিৰোধ:ৰামদিয়াত গাঁও ছেনিটাইজ কৰিলে প্ৰশাসনে

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

শুকুৰবাৰে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া কলবাৰী চুবুৰী আৰু সোৱানচাহৰ চাৰিটা পৰিয়ালক হোম কোৱাৰেণ্টাইন কৰাৰ পাছত শনিবাৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই দুয়োখন গাঁও ছেনিটাইজ কৰে।উল্লেখ্য যে ৰামদিয়া কলবাৰীৰ ধীৰেণ মেধিৰ পুত্ৰ তথা জি এম চি এইচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সোণজ্যোতি মেধিয়ে দুদিন পূৰ্বে কৰ্তব্যৰ পৰা পোনে পোনে ঘৰলৈ আহে যদিও জি এম চি এইচৰ এজন চিকিৎসক ক'ভিড-১৯ত আক্ৰান্ত হোৱাত গাওঁৰ একাংশ লোকে তেওঁঁক ঘৰত প্ৰৱেশত বাধা দিয়াত সোৱানচাহৰ শহুৰেকৰ ঘৰত আশ্ৰয় লয়।ইয়াৰ পাছতে দুয়োখন গাঁঁৱত আতংকৰ সৃষ্টি হয়।এই খবৰৰ ভিত্তিত হাজো বিষ্ণুৰাম মেধি এফ আৰ ইউৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃগৌৰাংগ দাসৰ নিৰ্দেশত চিকিৎসক ডাঃমদন চন্দ্ৰ দাসে আৰক্ষী প্ৰশাসনৰ সহায়ত ৰামদিয়া কলবাৰীৰ সোণজ্যোতিৰ লগতে সোৱানচাহৰ শহুৰেকৰ পৰিয়ালৰ সকলো লোকক হোম কোৱাৰেণ্টাইন কৰাৰ পাছতহে গাঁও দুখনৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলায়।আজি প্ৰশাসনৰ হৈ দুৰ্যোগ ব্যৱস্থাপনা আৰু হাজো অগ্নি নিৰ্বাপক বাহিনীয়ে ৰামদিয়া কমাৰটোলা,কলবাৰী,বঙালতোলা আৰু সোৱানচাহত ছেনিটাইজ কৰে।তেওঁলোকক সহযোগ কৰে ৩নং জিলা পৰিষদৰ সদস্য বিপুল দাস,যুৱ কৰ্মী গৌতম চক্ৰৱৰ্তী,দীপাঙ্কৰ তালুকদাৰে।

Your Comments