বৰভাগত দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰসংগপুথি বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বিদ্যালয়সমূহে এনৰয়ড মোবাইলযোগে পাঠদান কৰি আছে যদিও এচাম দুখীয়া ছাত্ৰ -ছাত্ৰীয়ে এটা উন্নত মানৰ ফোনৰ অভাৱত তাৰ সুফল বুটলিবলৈ সমৰ্থ হোৱা নাই।সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে নলবাৰী জিলাৰ উপৰ-বৰভাগ মৌজাৰ আৰংগমৌ আৰু ৰাইমাধা গাওঁৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ এচাম ছাত্ৰ -ছাত্ৰীৰ মাজত প্ৰসংপুথি বিতৰণ আৰম্ভ কৰে।বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা ইলোৰা বিজ্ঞান মঞ্চ,নলবাৰীৰ সম্পাদক তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শিক্ষক কুলেশ চন্দ্ৰ ডেকাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই পুথি বিতৰণ কাৰ্যত সক্ৰিয় সহযোগিতা আগবঢ়ায় বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক জয়কৃষ্ণ গোস্বামী,বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ব্ৰজেন কলিতা আৰু সাধাৰণ সম্পাদক নয়ন কলিতা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদে।এই পুথি বিতৰণ কাৰ্য সামাজিক দূৰত্ব বজাই ৰাখি সম্পন্ন কৰা হয়।দক্ষিণ বৰভাগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱাটচএপ নথকা দুখীয়া পৰিয়ালৰ সাতগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ইংৰাজী বিষয়ৰ প্ৰসংগ পুথি বিতৰণ কৰা হয়।দুই-এদিনতে বাকীসকল ছাত্ৰ- ছাত্ৰীৰ মাজতো এই প্ৰসংগ পুথি বিতৰণ কৰা হ'ব বুলি শিক্ষকগৰাকীয়ে জনায়।লগতে,বৰভাগৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ মেধাৱী ছাত্ৰী জ্যোতিষ্মিতা তালুকদাৰ (গুৱাহাটীত অধ্যয়নৰত) আৰু বৰভাগ মহাবিদ্যালয়ৰ কৃতীমান ছাত্ৰ সতীৰ্থ ঠাকুৰীয়া,প্ৰতাপ-পদুমী গ্ৰাম্য পুথিভৰাল( ২নং সোণকুৰিহাস্থিত) তৰফৰ পৰা গণিত,পদাৰ্থ বিজ্ঞান,ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ৰ প্ৰসংগপুথি বিতৰণ কৰা হয়।ক'ৰ'না মহামাৰীয়ে দেশত সৃষ্টি কৰা সংকটৰ সময়ত শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ    সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।লগতে ছাত্ৰ-ছাত্ৰীসকলেও সকাহ লাভ কৰে।

Your Comments