দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ₹বিলপাৰ ( নাৰিকুছি) গাঁৱত ৮ মে'ত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী কৃষকৰ দুজনীকৈ গাভিণী গাই গৰুৰ মৃত্যু হোৱাৰ বিপৰীতে পথাচাৰী আৰু আৱাসী পৰিয়াল কথমপি ৰক্ষা পৰে।জানিব পৰা মতে বিলপাৰ গাঁৱৰ কৃষক সুৰথ চন্দ্ৰ লহকৰে অইন দিনাৰ দৰে ৮ মে'ৰ পুৱা ধীৰদত্ত চৌধুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপৰ চৰনীয়া পথাৰখনত গৰু দুয়োটা এৰাল দি আহিছিল।কিন্তু হঠাৎ দুপৰীয়া উক্ত পথাৰখনৰ ওপৰৰে যোৱা ১১ হাজাৰ ভল্টেজৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ তাঁৰ ছিঙি পশুধন দুয়োটা গাত আঁৰি ধৰাত মৃত্যু হয়।ইফালে,উক্ত স্থানৰ সমীপৰে গৈ থকা কেইবাগৰাকীও পথচাৰীৰ উপৰিও ওচৰতে থকা দুটা পৰিয়াল উক্ত ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা গাভিনী গাইগৰু দুজনীৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ হ'ব বুলি জানিব পৰা হৈছে।সেয়ে স্থানীয় কৃষক ৰাইজে কৃষকগৰাকীক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে।উল্লেখ্য যে পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে ঘগ্ৰাপাৰৰ বিলপাৰ(নাৰিকুছি)ত উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী আওপুৰণি তাঁৰে আজিও শংকিত কৰি ৰাখিছে ৰাইজক।প্ৰাপ্ত অভিযোগ মতে বৃহত্তৰ অঞ্চলটোত উচ্চ ক্ষমতা বিদ্যুৎ পৰিবাহী তাঁৰসমুহ ৩০/৪০ বছৰ ধৰি সলনি নকৰাৰ ফলত সামান্য বতাহ -বৰষুণতেই তাঁৰসমুহ ছিঙি পৰে।বিয়াগোম বিদ্যুৎ বিভাগে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত এনেদৰে মইমতালীৰে বিদ্যুুুৎ যোগান ধৰি আহিছে।এই ক্ষেত্ৰত আগন্তুক দিনত বিদ্যুৎ বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া লক্ষণীয় হ'ব।
- Log in to post comments
- 98 views