শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
গছপুলি ৰোপনেৰে সুচনা কৰিব পাৰি এটা সেউজ বিপ্লৱৰ।সেই উদ্দেশ্যে আগত ৰাখি ৮ মে'ত শিৱসাগৰৰ কালীপ্ৰসাদ মেমৰিয়েল হলত অসম চৰকাৰৰ ৪০ সংখ্যক 'সেউজী সপ্তাহ' উপলক্ষে বিনামূলীয়াকৈ গছ পুলি বিতৰণৰ এটা কার্যসূচীৰ শুভ আৰম্ভণী হৈ যায়।৮ মে'ৰ পৰা আৰম্ভ হোৱা এই সেউজ সপ্তাহ অহা ১৪ তাৰিখলৈকে থাকিব।উক্ত বিতৰণ কার্যসূচীত 'সমর্পণ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থায়ো পূৰ্ণ সহযোগিতা আগবঢ়ায়।৮ মে'ত প্ৰায় ৫০০ শ ফলৰ পুলি ৰাইজৰ মাজত বিতৰণ কৰা হয়।গোল নেমুৰ পুলি,বেল,কাজি নেমু,সুমথিৰা টেঙা,ডালিম, আম,কঁঠাল,নাহৰ ইত্যাদি বিভিন্ন ধৰণৰ গছপুলি বিতৰণ কৰা হয়।উক্ত কাৰ্যসূচীত জিলা বনানীকৰনৰ হৈ ব্রজেন দাস,'সমৰ্পণ' সংস্থাৰ হৈ হেমন্ত গগৈ উপস্থিত থাকে।
- Log in to post comments
- 31 views