নৰেন শৰ্মা,বাহাৰঘাট:
গুৱাহাটী ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰে সম্পৰ্কিত দীপিকা নাথ(১৬)ৰ ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিচত তেওঁৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পৰ্ক হোৱা সকলোকে পৃৃথকীকৰণ কৰাৰ প্ৰক্ৰিয়া স্বাস্থ্য বিভাগে অব্যাহত ৰাখিছে৷শনিবাৰে মৃত দীপিকাৰ সৈতে পৰোক্ষভাৱে সম্পৰ্কৰ সন্দেহত বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি(ওজাতোলা) নিবাসী মুকুট কলিতাৰ পৰিয়ালক গৃহ পৃথকীকৰণ(হোম কোৱেৰান্টাইন)কৰিব লগা হয়৷উল্লেখ্য যে কলিতাই বহুবছৰৰ পৰা ব্যৱসায়সূত্ৰে গুৱাহাটীৰ শুক্ৰেশ্বৰত থাকিবলৈ লয়৷লগত তেওঁৰ পৰিয়াল৷আনহাতে,সানেকুছিটো তেওঁৰ এটি পৰিয়াল থাকে৷অলপতে তেওঁ সানেকুছি(ওজাতোলা)ৰ ঘৰলৈ আহে৷ইয়াৰ পিছতে কৰ্কট প্ৰতিষ্ঠানৰ চাফাই-কৰ্মীৰ নাতিনীয়েকৰ মৃত্যুৰ তথ্য পোহৰলৈ আহে৷মন কৰিবলগীয়া যে কলিতাৰ বোৱাৰী এগৰাকী বৰ্তমানো কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছ হিচাবে কৰ্মৰত হৈ আছে৷যিহেতু মৃত দীপিকা মৃত্যুৰ সময়লৈকে কৰ্কট প্ৰতিষ্ঠানৰ চাফাই কৰ্মী আইতাক মালতী বাচফোৰৰ লগত থাকি চিকিৎসা কৰি আছিল৷সেইবাবেই, প্ৰতিষ্ঠানখনৰ প্ৰায়ভাগ স্বাস্থ্য কৰ্মীয়ে তেওঁৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পৰ্ক কৰিছিল ৰাইজৰ সন্দেহ ওপজিছিল৷সেয়েহে হঠাতে কলিতাক গাঁঁৱৰ ঘৰত দেখি গাওঁবাসী শংকিত হৈ স্বাস্থ্য বিভাগক খবৰ দিয়ে৷গাওঁবাসীৰ খবৰৰ ভিত্তিত শনিবাৰে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা°এন বি সিনহাৰ নিৰ্দেশ মৰ্মে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাৰ নেতৃত্বত এম পি ডাব্লিউ পৰাগ জ্যোতি ভূঞা,এছ ডব্লিউ দিলীপ ভড়ালী আৰু স্বাস্থ্যকৰ্মী জয়ন্ত ডেকাৰ সহযোগত কলতাৰ পৰিয়ালক গৃহ পৃথকীকৰণ কৰে৷পৃথকীকৰণৰ সময়ত কলিতাৰ ঘৰত কলিতাসহ মুঠ আঠজন সদস্য আছিল৷
- Log in to post comments
- 113 views