হাজোৰ পৰা কমলাকান্ত দাস:
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া কলবাৰী চুবুৰীৰ তিনিটা পৰিয়ালৰ দহগৰাকী আৰু সোৱানচাহৰ এটা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক আৰক্ষী প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে।ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃমদন চন্দ্ৰ দাসে জনোৱা মতে,ৰামদিয়া কলবাৰী চুবুৰীৰ ধীৰেণ মেধিৰ পুত্ৰ তথা জি এম চি এইচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সোণজ্যোতি মেধি চাৰিদিন পূৰ্বে ঘৰলৈ আহিছিল যদিও গাঁঁৱৰ একাংশ লোকে ঘৰত থাকিবলৈ নিদিয়াত সোৱানচাহৰ শহুৰেকৰ ঘৰত নিশাটো কটাই পুৱাতে ওলাই যায়।ইয়াক লৈ সোৱানচাহতো ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে জি এম চি এইচৰ এগৰাকী চিকিৎসকৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।জি এম চি এইচৰ কৰ্মচাৰী সোণজ্যোতি মেধিৰ দেহত ক'ভিড-১৯ পজিটিভ থকা বুলি ৰাইজে সন্দেহ কৰে।ইয়াৰ পিছতে শুকুৰবাৰে ৰামদিয়া ৰাজ্যিক চিকিৎসা লয়ৰ চিকিৎসক ডাঃমদন চন্দ্ৰ দাস আৰু ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ পাঠক কলবাৰীৰ সোণজ্যোতিৰ ঘৰত উপস্থিত হৈ সোধ-পোচ কৰাৰ পাছত তেওঁলোকৰ তিনিটা পৰিয়ালৰ দহগৰাকী সদস্যক চৈধ্য দিনৰ হোম কোৱাৰেণ্টাইন কৰাৰ নিৰ্দেশ দিয়ে।তদুপৰি সোণজ্যোতি মেধিৰ সোৱানচাহৰ শহুৰেকৰ ঘৰৰ পৰিয়ালৰ লোকসকলোকো প্ৰশাসনে হোম কোৱাৰেণ্টাইন কৰি ফলক আৰি দিয়ে।চিকিৎসক ডাঃমদন চন্দ্ৰ দাসে জনোৱা মতে এই কোৱাৰেণ্টাইনৰ সময়ছোৱাত প্ৰতিদিনে স্বাস্থ্য বিভাগৰ লোকে খবৰ ল'ব আৰু কিবা অত্যাৱশ্যকীয় সামগ্ৰী প্ৰয়োজন হ'লে ওচৰ-চুবুৰীয়াই সংগ্ৰহ কৰি দিব।সোণজ্যোতি মেধি কৰ্তব্যলৈ যোৱা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে যদিও চিকিৎসকে ফোন কৰাত তেওঁঁৰ মোবাইল ফোন অফ পায়।ইতিমধ্যে সোণজ্যোতি মেধিৰ পৰিয়ালৰ সাতজনৰ নমুনা সংগ্ৰহ কৰা বুলি চিকিৎসক দাসে জানিবলৈ দিয়ে।
- Log in to post comments
- 22 views