নলবাৰীৰ পৰা হেমন্ত কলিতা:
ৰাজ্যিক মাদকদ্ৰৱ্য নিবাৰণী পৰিষদৰ উদ্যোগত বিভিন্ন জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিৰ মাজত বিনামূলীয়াকৈ ছেনিটাইজাৰ বিতৰণ কৰা হৈছে।নলবাৰী জিলাত ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ পূব নলবাৰী মণ্ডল আৰু 'এবিভিপি'ৰ নলবাৰী জিলা সমিতিৰ সহযোগত শুকুৰবাৰে নলবাৰী চহৰত ছেনিটাইজাৰ,মাস্ক বিতৰণ কৰা হয়।উল্লেখযোগ্য যে উক্ত হেণ্ড ছেনিটাইজাৰ অসম চৰকাৰৰ আবকাৰী বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।
- Log in to post comments
- 29 views