হাজোৰ পৰা কমলাকান্ত দাস:
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱনচাহত দেশত চলি থকা 'লকডাউন'ৰ মাজতে শুকুৰবাৰে দিনৰ এঘাৰ বজাত এখন ব্যতিক্ৰমী বিবাহ কাৰ্য সম্পন্ন হৈ যায়।বিশ্বত্ৰাস মহামাৰীৰ ক'ৰ'না কভি’ড ১৯ প্ৰতিৰোধৰ বাবে দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ মাজতেই জিলা প্ৰশাসনৰ অনুমতি লৈ এই বিবাহ-কাৰ্য সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে সম্পন্ন কৰা হয়।জানিব পৰা মতে,কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱানচাহৰ লক্ষ্মী কান্ত মেধি আৰু অকলা মেধিৰ কন্যা ভাগ্যৱতী মেধিৰ কামৰূপৰ শিঙিমাৰীৰ প্ৰয়াত সুৰেন বৰ্মন আৰু বাসন্তী বৰ্মণৰ পুত্ৰ উদ্ধৱ বৰ্মনৰ লগত লকডাউনৰ পূৰ্বে আজিৰ দিনটোত বিয়াৰ দিন-বাৰ ঠিক হৈছিল।দুয়োটা পৰিয়ালে জাকজমকতাৰে বিয়াখন সম্পন্ন কৰিব বুলি ভাবিছিল যদিও ক'ৰ'না মহামাৰীয়ে সকলো শেষ কৰি পেলায়।অৱশেষত দুয়োটা পৰিয়ালৰ আলোচনাৰ ভিত্তিত চলি থকা লকডাউন আৰু সন্ধিয়া ছয় বজাৰ পাছত সান্ধ্য আইন জাৰি কৰাত দিনৰ ভাগতে বিয়াখন কৰাৰ সিদ্ধান্ত লয়।সেই অনুসৰি আজি জিলা প্ৰশাসনৰ অনুমতি লৈ দৰা,গাঁওবুঢ়া সহিতে মাত্ৰ সাতজন লোক পুৱা এঘাৰ বজাত সোৱানচাহৰ কইনাৰ ঘৰত উপস্থিত হয়।চৰকাৰী নীতি-নিৰ্দেশনা মানি দৰা -কইনা,পুৰোহিত সমন্বিতে সকলোৰে মুখত মাক্স পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি এই বিবাহ-কাৰ্য সম্পন্ন কৰে৷উল্লেখ্য যে সামাজিক দূৰত্ব তথা প্ৰশাসনৰ নীতি-নিৰ্দেশনা অনুসৰি বিবাহ অনুষ্ঠানত অইন লোকক,আনকি ওচৰ চুবুৰীয়াকো নিমন্ত্ৰণ দিয়া নাছিল পৰিয়ালৰ লোকে।
- Log in to post comments
- 25 views