নৰেন শৰ্মা,বাহাৰঘাট:
ৰাজ্যখনৰ প্ৰত্যেক জিলাৰ প্ৰায়বোৰ পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰী বাচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগত বৰ্তমান ৰাজ্যৰ সংবাদমাধ্যমে উত্তাল হৈ আছে৷ উল্লেখযোগ্য যে পঞ্চায়তসমূহৰ অন্তৰ্গত প্ৰায়বোৰ গাঁঁৱৰে প্ৰকৃত কৃষকক বঞ্চিত কৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত একেটা পৰিয়ালৰ দুজন,তিনিজন,এজন ব্যক্তিৰ নামত দুটা একাউণ্ট দেখুৱায়ো হিতাধিকাৰী বাচনি কৰি ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ এতিয়া ৰাইজৰ মুখে মুখে হৈ ৷উক্ত অভিযোগৰ ভিত্তিত একাংশ দল-সংগঠনে উপযুক্ত তদন্ত বিচাৰি অসম চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰিছে৷দল-সংগঠনৰ অভিযোগত সেওঁ মানি কৃষিমন্ত্ৰী অতুল বৰাই ইয়াৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি কৰা ঘোষনাক সকলো দল-সংগঠনে আদৰণি জনাইছে৷পিচ পৰি থকা নাই কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বঞ্চিত কৃষকসকলো৷উল্লেখযোগ্য যে মৌজাখনৰ মুঠ পাঁঁচখন পঞ্চায়তৰ আতাইকেইখন পঞ্চায়ততে দুৰ্নীতি-অনিয়মৰে কৃষকৰ তালিকা প্ৰস্তুত কৰি প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷কঞাঁ বৰপুল্লা,ধুহিবালা,বালিসত্ৰ,বাৰাংহাটী আৰু শ্বহীদ সত্যনাথ গাওঁ পঞ্চায়তৰে মৌজাখন গঠিত৷উক্ত পাঁঁচখন পঞ্চায়তৰ দুখনমান পঞ্চায়তত ৰাজনৈতিক পৃষ্ঠপোষকতাত প্ৰস্তুত কৰা কৃষকৰ তালিকা দেখিলে,সকলো পৰ্য্যায়ৰ ৰাইজৰে চকু কপালত উঠিব৷কোনোদিনে কৃষিৰ নামত এটি জলকীয়াৰ পুলি ৰোপন কৰাৰ অভিজ্ঞতা নথকা লোকৰ নামত কিষান সন্মান নিধিৰ ধন দিয়াৰ লগতে চৰকাৰী চাকৰিয়ালৰ পৰিয়াল,পেঞ্চনপ্ৰাপ্ত পৰিয়াল আৰু একেটা পৰিয়ালৰ কেইবাজনো লোকৰ নাম সন্নিৱিষ্ট কৰা তালিকাই প্ৰকৃত কৃষকক অসন্মান কৰাই নহয়,চূড়ান্তভাৱে প্ৰতাড়না কৰাৰ অভিযোগ কৰিছে সচেতন ৰাইজে৷ইয়াৰে কঞাঁ বৰপুল্লা গাওঁ পঞ্চায়তৰ দিপলাং গাৱঁৰ চাপোন চুবুৰীৰ চিৰজীৱন কৃষিকৰ্মৰ লগত জড়িত জীৱন কলিতা,নয়ন লহকৰ,দীপক লহকৰ,সোণফুল কলিতা,নিৰঞ্জন কলিতা,জয়চন্দ্ৰ কলিতা,কুমুদ কলিতাক বঞ্চিত কৰি উক্ত গাৱঁৰে একাংশ অকৃষকক সুবিধা প্ৰদান কৰাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে৷তদুপৰি,পঞ্চায়তখনৰ অন্যান্য গাঁঁৱতো উক্ত অনিয়মৰ অভিযোগ উঠিছে৷ঠিক তেনেদৰে বাৰাংহাটী গাওঁ পঞ্চায়ততো দুৰ্নীতি-নিয়মে চানি ধৰিছে কিষান সন্মান নিধিৰ তালিকাখনত৷একেটা পৰিয়ালত কেইবাটাও নাম সন্নিৱিষ্ট কৰাৰ লগতে চৰকাৰী চাকৰিয়ালৰ পৰিয়াল,চৰকাৰী পেঞ্চনপ্ৰাপ্ত পৰিয়াল,ৰাজনৈতিক ব্যক্তি আদিৰ নামৰে ভৰপূৰ হৈ আছে পঞ্চায়তখনৰ কৃষকৰ তালিকা৷তদুপৰি,ধুহিবালা,বালিসত্ৰ আৰু শ্বহীদ সত্যনাথ পঞ্চায়ততো কৃষকৰ তালিকা প্ৰস্তুত কৰাত যথেষ্ট খেলিমেলিৰ অভিযোগ ৰাইজৰ মুখে মুখে৷ৰাইজৰ অভিযোগৰ ভিত্তিত কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ ওচৰত তদন্ত বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল৷'আছু'ৰ অভিযোগৰ পিচত উপায়ুক্তগৰাকীয়ে তদন্ত কৰাৰ আশ্বাস দিছিল৷শেহতীয়াভাৱে কৃষিমন্ত্ৰীগৰাকীয়েও উক্ত অনিয়মৰ তদন্ত ঘোষণা কৰি দোষীক শাস্তি প্ৰদান কৰাৰো আশ্বাস দিয়ে৷এইক্ষেত্ৰত চৰকাৰ কিমান সফল হয়,সময়ত স্পষ্ট হৈ পৰিব৷
- Log in to post comments
- 27 views