বঙাইগাঁৱৰ প্ৰতিবেদক:
দেশত কৰ'না ভাইৰাছৰ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে তলাবন্ধ কাৰ্যসূচীৰ নিৰ্দেশনা জাৰি কৰাৰ পাছত সৰ্বত্ৰে জনসাধাৰণ সমস্যাগ্ৰস্ত হৈছে।অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত নিৰ্মাণ কাৰ্যত জড়িত উত্তম বংগৰ ৪০ জনকৈ মিস্ত্ৰী আৰু যোগালিৰ কাম কৰা লোক সম্প্ৰতি কাম বন্ধৰ বাবে খাদ্য সংকটত থকাৰ পাছত অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা উত্তৰ বংগৰ উল্লিখিত শ্ৰমিকসকলে নিজ ঘৰলৈ যাবলৈ ব্যাকুল হৈ চাৰি মে'ত অসমৰ সীমান্ত বান্দৰদেৱালৈ আহি পোৱাত এই শ্ৰমিকসকলক স্বাস্থ্য বিভাগৰ পৰা স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰাজ্যখনত প্ৰৱেশৰ দিনা সকলোকে কোৱাৰেন্টাইনত থকাৰ বাবে ষ্টাম্প লগাই দিয়ে।বিগত তিনিদিনত কেতিয়াবা খোজ কাঢ়ি আৰু কেতিয়াবা সুযোগ সুধিধা কৰি উত্তৰ বংগলৈ বুলি আগুৱাই থাকোতে বুধবাৰে দুপৰীয়া এক মান বজাত বঙাইগাঁও জিলাৰ ৰাখালডুবি তিনি আলী চ'ক পাওতে বঙাইগাঁও জিলাৰ আৰক্ষীয়ে শ্ৰমিকৰ দলটোক সোধ-পোছ কৰাৰ লগতে পানী, খোৱা সামগ্ৰী প্ৰদান কৰে।অৰুণাচল প্ৰদেশৰ পৰা ওলাই অহা শ্ৰমিক সকল ৰাজ্যখনৰ কেইবাখনো জিলা পাৰ হৈ আজি তিনিদিনত বঙাইগাঁও জিলা আহি পোৱাৰ পাছত লোক সকলৰ মাজৰ পৰা এই প্ৰতিনিধিক জনোৱা মতে তেওঁলোক বহু কষ্টৰ মাজেৰে বঙাইগাঁও জিলাত আহি পাইছে।বুধবাৰে বঙাইগাঁও জিলাৰ চুবুৰীয়া জিলাৰ পৰা দুখন ট্ৰাক বন্দোৱস্ত কৰি আহি থকা সময়তে বঙাইগাঁও জিলাৰ উত্তৰ বঙাইগাঁও আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত আইনৈৰ পকী দলঙৰ কাষত ট্ৰাক দুখনে উক্ত লোক সকলক নমাই দিয়াত লোক সকলে পদব্ৰজে ঘৰমুখী হ'বলৈ ধৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰে।পিছলৈ অৱশ্যে অলপ দূৰ আগুৱাই নি উক্ত শ্ৰমিক সকলক আৰক্ষী প্ৰশাসনে সহায় আগবঢ়ায়।লক্ষণীয় যে সম্প্ৰতি দেশত তলা বন্ধৰ তৃতীয় পৰ্যায়ত চৰকাৰে গধূলিৰ পৰা পুৱালৈকে সান্ধ্য আইন জাৰি কৰা সময়ত ইমান সংখ্যক শ্ৰমিক কেনেদৰে ইমান দূৰ পথ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে সেয়াহে প্ৰশ্নৰ বিষয়? লগতে কোনো এখন জিলা প্ৰশাসনে শ্ৰমিক সকলক যাতায়াত ব্যৱস্থা কৰি নিদিয়া কাৰ্যকো উদ্বেগ প্ৰকাশ কৰে শ্ৰমিকসকলে ৷ আন্ত:জিলা বা আন্ত:ৰাজ্যিক বাছ সেৱাৰ মাজতে এই সকল শ্ৰমিকৰ ক্ষেত্ৰত পৰিবহনৰ ব্যৱস্থা চৰকাৰে কাৰ্যকৰী নকৰাত শ্ৰমিকসকলৰ এজনে ক্ষোভ ব্যক্ত কৰে।ইফালে,বান্দৰদেৱাত সকলো শ্ৰমিকক ষ্টাম্প লগাই দিয়াৰ পাছত ঘৰলৈ গৈ পালেই নিজ নিজ গাঁৱত তেওঁলোক স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থাকিব বুলি অৱগত কৰে।তলাবন্ধৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে ৪০ জনকৈ শ্ৰমিকে ৰাজপথেৰে আগুৱাই অহা কাৰ্যয়ো সচেতন লোকক চিন্তিত কৰি তুলিছে।উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ ৰাখালডুবিত উক্ত শ্ৰমিকসকলক বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে খোৱাবস্তুৰ যোগান দিয়াৰ পাছত জিলা প্ৰশাসনে উল্লিখিত লোক সকলক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰি নিৰাপত্তাৰক্ষীৰ সহায়ত শ্ৰীৰামপুৰ প্ৰৱেশ দ্বাৰত নমাই দিয়াৰ ব্যৱস্থা কৰে।বঙাইগাঁও জিলা প্ৰশাসনে উত্তৰ বংগৰ শ্ৰমিক লোকসকলক যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে শ্ৰমিকসকলে।
- Log in to post comments
- 10 views