ঘগ্ৰাপাৰত 'ধনন্তৰী আঁচনি'ৰ অধীনত ৩৩ গৰাকী অসহায় ৰোগীৰ গৃহত ঔষধ যোগান 

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
 

ক'ৰ'না  ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশ তথা ৰাজ্য 'লকডাউন'ৰ মাজত আছে।এই সময়ত ঘৰতে চিকিৎসাধীন থকা ৰোগীসকলৰ ঔষধ ক্ৰয় কৰাত ভীষণ সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে।তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ ফলত ঘৰতে থকা ৰোগীৰ ঔষধ ক্ৰয় কৰাৰ সমস্যা অনুধাৱন কৰি আৰম্ভ কৰে 'ধনন্তৰী আঁচনি'।এই আচঁনিৰ মূল উদেশ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে ঔষধৰ বাবে ১০৪ নম্বৰত যোগাযোগ কৰিলেই ২৪ ঘন্টাৰ ভিতৰত নিজৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰা।আনকি ঔষধৰ মূল দামৰ ২০০ টকা পৰ্যন্ত ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।আনহাতে,প্ৰয়োজনীয় ঔষধ চৰকাৰী ভেষজ -গৃহত নাপালে বেচৰকাৰী ফাৰ্মাছিৰ পৰা ক্ৰয় কৰি ৰোগীৰ গৃহত যোগান ধৰা হৈছে।উল্লেখ্য যে নলবাৰী জিলাৰ অন্তৰ্গত ৯৬ খন গাঁও সামৰি থকা ঘগ্ৰাপাৰ প্ৰাথমিক চিকিৎসালয়ত যোৱা ২৬ এপ্ৰিলৰ পৰা ধনন্তৰী আঁচনিৰ জৰিয়তে ৰোগীৰ গৃহত ঔষধ প্ৰদান কৰা কাৰ্যসুচী ৰূপায়ন হৈ আহিছে।আজিৰ তাৰিখলৈ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ প্ৰায় ৫০ গৰাকী ৰোগীয়ে ১০৪ নম্বৰত যোগাযোগ কৰি প্ৰয়োজনীয় ঔষধ বিচাৰিছে।ইতিমধ্যে ৩৩ গৰাকী ৰোগীৰ গৃহত ঔষধ যোগান ধৰিছে বুলি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া এন বিনয় সিঙে জানিবলৈ দিছে।ৰোগীৰ পৰিয়ালৰ গৃহত দূৰ-দূৰণিলৈ বাইক চলাই ঔষধ যোগান ধৰি আহিছে ফাৰ্মাছিত ধ্ৰুৱ গোস্বামী, ৰকিবুল হুছেইন,ছাইদুল ইছলাম,জিতেন শৰ্মা, ধ্ৰুৱজ্যোতি ৰায়চৌধুৰী ,এম পি ডব্লিউ পৰাগ ভূঞা,হিতেশ কলিতা,ত্ৰিদীপ  ভূঞা,এচ ডব্লিউ দিলীপ‌ ভড়ালী, মুকুট দাস আদিয়ে। সহযোগ কৰে ভাৰপ্ৰাপ্ত বি পি এম বিশ্বজিৎ গোস্বামীয়ে। স্বাস্থ্য  বিভাগৰ এনেধৰণৰ পদক্ষেপৰ বাবে ৰোগীৰ পৰিয়াল তথা সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Your Comments