নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু নলবাৰী সমষ্টি জিলা কংগ্ৰেছৰ সহযোগত নলবাৰী জিলাৰ দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ, বাঁহজানীৰ সাংবাদিকসকলৰ মাজত সামাজিক দূৰত্ব মানি চলি গামোচা,মাস্ক, ছেনিটাইজাৰ আৰু একোটিকৈ কলম বিতৰণ কৰা হয়৷অঞ্চলটোৰ বগলচ্ ৰোড চ’কস্থিত নবোদয় সংঘৰ প্ৰাংগণত ৫ মে'ত অনুষ্ঠিত হোৱা এই সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে ভাষণত কয়-"ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি লকডাউন চলি থকাৰ মাজতে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিকসকলে অশেষ কষ্টৰ মাজেৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সংবাদ সংগ্ৰহ কৰি আহিছে৷এয়া নিশ্চয় প্ৰশংসনীয়৷"অনুষ্ঠানত নলবাৰী সমষ্টি জিলা কংগ্ৰেছৰ সভাপতি চন্দন কলিতা,সাঃ সম্পাদক ৰিজু হাজৰিকা, নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সম্পাদক কংকন তালুকদাৰ উপস্থিত থাকে৷
- Log in to post comments
- 10 views