শিৱসাগৰত 'লকডাউন'ৰ মাজতে চিকিৎসাৰ অভাৱত বেতন বঞ্চিত শিক্ষকৰ মৃত্যু

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত পুনৰ ৫ মে'ত আৰু এজন বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।বৰ্তমানলৈকে কেৱলমাত্ৰ শিৱসাগৰ জিলাতে প্ৰায় দুকুৰিৰো অধিক শিক্ষকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব লগা হৈছে বুলি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিছে।নাজিৰাৰ বালিঘাটস্থিত অতুল শৰ্মা(৫৭) নামৰ শিক্ষকগৰাকী নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ বাউলিমৈডাম প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল।১৯৯৪ চনতে চাকৰিত যোগদান কৰা শিক্ষকগৰাকী বিগত ২০১২ চনৰ মার্চ মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আহিছিল।প্ৰয়াত শিক্ষকগৰাকী কিছু দিনৰ পূর্বে যকৃত ৰোগত আক্ৰান্ত হৈছিল যদিও টকাৰ অভাৱত উপযুক্ত চিকিৎসা কৰাব পৰা নাছিল বুলি পৰিয়ালৰ সুত্ৰে জানিব পৰা গৈছে।লকডাউনৰ সময়ছোৱাত তেওঁৰ অসুখ বেছি হোৱাৰ বাবে প্ৰথমতে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত চিকিৎসা কৰি কিছু সুস্থ হৈ উঠিছিল যদিও ৫ মে'ত শিৱসাগৰ মেডিকেলত মৃত্যুবৰণ কৰে।মৃত্যুৰ সময়ত তেওঁ এটি পুত্ৰ,এগৰাকী কন্যা আৰু পত্নীক এৰি থৈ যায়।তেওঁৰ মৃত্যুত অঞ্চলটোৰ লগতে বিদ্যালয়ৰ কণ কণ ছাত্র ছাত্রী,শিক্ষক- শিক্ষয়িত্রী আৰু সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে।শিক্ষকগৰাকীৰ মৃত্যুত শিক্ষক সন্থাৰ হৈ সাধাৰণ সম্পাদক বসন্ত নেওগ আৰু সভানেত্রী হেমাঞ্জলী ভুঞা দত্তই পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু ক্ষতিগ্রস্ত পৰিয়ালটোক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে।চৰকাৰীভাৱে নিযুক্তি লাভ কৰি বৰ্তমানেও কৰ্মৰত শিক্ষকসকলে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব লগা হোৱা বিষয়টো বৰ্তমান সচেতন মহলত  আলোচনাৰ বিষয়বস্তু হৈ পৰা দেখা গৈছে।অতি সাধাৰণ শ্ৰেণীৰ ব্যক্তিয়েও এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হোৱাটো বিচাৰে।সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে বৈধতা থকা অসমৰ সকলো শিক্ষকৰে চাকৰি অতি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।উল্লেখ্য যে কিছুদিনৰ পূর্বে বিত্তমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা নাজিৰালৈ আহোঁতেও অতি সোনকালে চাকৰি নিয়মীয়াকৰণ হোৱাৰ আশ্বাস প্রদান কৰিছিল।তদুপৰি,বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰিব বুলি কেইবাখনো নিৰ্বাচনী সভাত ৰাজহুৱাকৈ ঘোষণা কৰিছিল যদিও অদ্যপৰিমিত হোৱা নাই।যাৰ বাবে শিক্ষকসকলৰ পৰিয়ালসমূহ  হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে।উল্লেখ্য যে দেশৰ সাম্প্রতিক পৰিস্থিতিৰ বাবে সকলো শ্রেণীৰ নাগৰিকে বিভিন্ন আঁচনিৰ জড়িয়তে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিছে যদিও এইসকল শিক্ষকে চৰকাৰী চাকৰি থকাৰ সুবাদত সকলো সুবিধাৰ পৰাই বঞ্চিত হ'ব লগা হৈছে বুলি সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে অভিযোগ উত্থাপন কৰিছে।

Your Comments