হাজোৰ দমদমাত চিপিআই(এম)ৰ উদ্যোগত সুলভ মূল্যত পাচলি বিক্ৰী 

Pic

হাজোৰ পৰা কমলাকান্ত দাস: 

ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী),চমুকৈ চিপিআই (এম)ৰ হাজো-দমদমা আঞ্চলিকৰ উদ্যোগত বুধবাৰে হাজোৰ দমদমা বজাৰ চ'কত সুলভ মূল্যত পাচলি বিক্ৰী কৰে। কৃষকৰ পৰা উচিত মূল্যত শাক-পাচলি ক্ৰয় কৰি মধ্যভোগী অবিহনে ৰাইজক যোগান ধৰাৰ প্ৰয়াস কৰাৰ অংশ হিচাপে কুলহাটী বজাৰ চ'ক,দমদমাত পুৱা ১০ বজাৰ পৰা এই বিক্ৰী কেন্দ্ৰ খোলা হয়।তেওঁঁলোকে বিভিন্ন পাচলিৰ দাম প্ৰতি কেজিত জিকা- ২০ টকা,তিয়ঁহ-২০ টকা,বিন-২০ টকা,জলকীয়া- ৩৫ টকা,লেচেৰা- ২৫ টকা, ইচকোৱাছ-১২ টকা,ভেন্দি- ২০ টকা নেমু-১০ টকাত ৩টা আৰু ৰঙালাউ প্ৰতিটোত ১০ টকা দৰত বিক্ৰী কৰিছে।উল্লেখ্য যে বৰপেটা,বঙাইগাঁও,খাৰুপেটীয়া আদি ঠাইৰ কৃষকৰ পৰা এই শাক-পাচলিসমূহ ক্ৰয় কৰা হৈছিল।'লকডাউন'ৰ প্ৰভাৱত অসমৰ কৃষকসকল ইতিমধ্যেই ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে।কৃষকৰ উৎপাদিত ফচল বিক্ৰী কৰিব নোৱাৰি পথাৰতেই নষ্ট হৈ গৈছে।ইয়াৰ বিপৰীতে একাংশ  মধ্যভোগীয়ে নিজৰ ইচ্ছানুসৰি বজাৰত শাক-পাচলিৰ দাম নিৰ্ধাৰণ কৰি বিক্ৰী কৰি আছে।কৃষকৰ উৎপাদিত ফচল উচিত দামত ক্ৰয় কৰি ৰাইজক যোগান ধৰাৰ যি ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল,তাক আজি পৰ্যন্ত নকৰাৰ ফলতেই ৰাজ্যৰ শাক-পাচলিৰ বজাৰত এক অৰাজক অৱস্থাৰ সৃষ্টি হোৱা বুলি দলটোৱে মত প্ৰকাশ কৰিছে।চৰকাৰক বাৰে বাৰে দাবী জনাই অহাৰ পিছতো এই বিষয়ত কোনোধৰণৰ গুৰুত্ব নিদিয়াত দলটোৱে এনে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি বজাৰত পাচলি বিক্ৰী আৰম্ভ কৰিছে।দলটোৱে নিজা উদ্যোগত তথা প্ৰশাসনৰ অনুমতি লৈ কৃষক তথা জনসাধাৰণ উভয়ৰে সহায় হোৱাকৈ এনে প্ৰচেষ্টা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।সামাজিক দূৰত্ব বজাই ৰাখি তথা লকডাউনৰ সকলোধৰণৰ নীতি-নিয়মৰ মাজেৰে পাচলি বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে।একেই পদ্ধতিৰে অসম চৰকাৰকো অনতিপলমে সমগ্ৰ ৰাজ্যতে সঠিক পৰিকল্পনা আৰু উদ্যোগ গ্ৰহণ কৰি এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ দলে চৰকাৰক আহ্বান জনাইছে।

Your Comments