বাৰিষাৰ আগমণত গড়াখহনীয়া আৰু কৃত্ৰিম বানপানী ৰোধৰ বাবে গোলাঘাট সমষ্টিৰ বিধায়িকাৰ তৎপৰতা 

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুুুকন:

গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ।ধনশিৰি আৰু দৈয়াং।এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গড়াখহনীয়া হোৱাৰ লগতে সৰু নদীবোৰ যেনে - ঘিলাধাৰী,মকৰং,কাকডোঙা , চেলচেলি,চিচুপানী আদি নদীবোৰ বাম হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰি আহিছে।গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে এই দুয়োটা সমস্যাক গুৰুত্ব প্ৰদান কৰি যোৱা বিত্তীয় বৰ্ষত প্ৰায় ২৩ কোটি টকাৰে দুখন আঁচনিৰ অনুমোদন লাভ কৰি গোলাঘাটবাসীক সকাহ দিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে।দ-চমুৱা আঁচনিৰ প্ৰায় ৬.৪০ কোটি টকাৰ কাম ফেব্ৰুৱাৰীত আৰম্ভ হয়।উক্ত কামৰ অগ্ৰগতি সম্পৰ্কে জ্ঞাত হ'বলৈ মঙলবাৰে বিধায়িকাগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ লগত দ-চমুৱা আঁচনিখন পৰিদৰ্শন কৰে।যদিও বৰ্তমানৰ পৰিস্থিতিৰ বাবে কামসমূহ বন্ধ হৈ আছে,তথাপি আগন্তুক বাৰিষাৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি  সকলো কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে,কাকডোঙা নদীৰ আঁচনিৰ প্ৰায় ১৭ কোটি টকাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও বিধায়িকাগৰাকীয়ে মত ব্যক্ত কৰে। উল্লেখ্য যে কেইবাখনো নদীৰ খনন কাৰ্য সম্পন্ন হোৱাত কৃত্ৰিম বানপানী হ্ৰাস পোৱাত সেই অঞ্চলসমূহৰ কৃষকসকলে যথেষ্ট সকাহ পাইছে।

Your Comments