দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰীৰ স্বাভিমান জাপি আৰু বাঁঁহ-বেত শিল্পীসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ বাবে নলবাৰী জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান নলবাৰী 'আছু'ৰ।স্মাৰকপত্ৰত উল্লেখ কৰে যে সম্প্ৰতি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত থকা লকডাউনৰ ফলত অন্যান্য বহু লোকৰ দৰে নলবাৰী জিলাত বিভিন্ন ঠাইৰ জাপি আৰু বাঁহ-বেতৰ শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে।বহু শিল্পীৰ উৎপাদিত জাপিকে ধৰি আন বাঁঁহ-বেতৰ সামগ্ৰীসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে বজাৰৰ অভাৱত।তেনে অৱস্থাত নলবাৰীৰ স্বাভিমান জাপিশিল্পৰ লগত জড়িত আৰু বাঁহ-বেতৰ শিল্পীসকলৰ পৰিয়ালসমূহে ভাতমুঠিৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈ পৰা বুলি উল্লেখ কৰি এই শিল্পীসকলৰ বাবে অতি সোনকালেই যে বজাৰৰ সৃষ্টি হ'ব,সেয়াও অনিশ্চিত হৈ পৰিছে বুলি স্মাৰকপত্ৰৰ জড়িয়তে কয়।উক্ত শিল্পীসকলক তাৎক্ষণিকভাৱে সকাহ দিয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ পেকেজ ঘোষণা কৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনায়।
আনহাতে,কৰ'ণাৰ বিশ্বত্ৰাসৰ সময়ত লকডাউন চলি থকাৰ গইনা লৈ নলবাৰী জিলাৰ একাংশ মুনাফালোভী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে নিৰ্দ্ধাৰিত দামতকৈ চ'ৰা দামত সামগ্ৰী বিক্ৰী কৰি সাধাৰণ ৰাইজকে মাধমাৰ শোধোৱা বুলি অভিযোগ কৰি চৰকাৰী নীতি নিয়ম মতে জি এছ টি বিল খুচুৰা ব্যৱসায়ীসকলক প্ৰদান কৰিব লাগে যদিও একাংশ ব্যৱসায়ীয়ে উকা কাগজত কেচমেমো দি লাখ লাখ টকাৰ ৰাজহ ফাঁঁকি দিয়া বুলিও অভিযোগ কৰি নলবাৰী জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি স্মাৰকপত্ৰৰ জড়িয়তে কয় যে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল ইতিমধ্যে কৰিছে।
উক্ত ঘটনা সন্দৰ্ভতো নিৰপেক্ষ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকা,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিবাহক ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত এটি সঁজাতি দলে পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে।
- Log in to post comments
- 30 views