নগাঁৱত গ্ৰীণ জ'নৰ সুযোগ গ্ৰহণ কৰি কোনেও মনা নাই সামাজিক দূৰত্ব:উদ্বিগ্ন সচেতন মহল

Pic

নগাঁৱৰ পৰা ৱাহিদুুুদ জামান:

সোমাবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰীণ জ'ন জিলাত কিছু শিথিলতাৰ সূযোগ গ্রহণ কৰি একাংশ লোকে ব্যাপক হাৰত 'লকডাউন'ৰ নীতি-নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হৈছে। গ্ৰীণ জ'ন হিচাবে চিহ্নিত নগাঁও জিলাত সোমবাৰে একাংশ লোকে লকডাউনৰ নীতি- নিৰ্দেশনা উলংঘা কৰি ৰাজপথলৈ ওলাই আহে।এনেদৰে লকডাউনৰ নীতি উলংঘা কৰি নগাঁৱত পৰিস্থিতি উদ্বেগজনক কৰি তোলে।নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত লকডাউনৰ নীতি উলংঘা কৰা দেখা যায়।সোমবাৰে নগাঁও চহৰত অনাহকভাৱে বহু লোকৰ সমাগম হয়।দুচকীয়া যান-বাহনকে ধৰি সকলোবোৰ যান-বাহনে চৰকাৰী নীতি- নিৰ্দেশনা মানি চলা নাই।আজি চহৰখনত প্ৰায় সকলোবোৰ দোকান-পোহাৰ খোলা থকাত এই দোকান-পোহৰত বহু লোকৰ সমাগম হয়। আজি নগাঁও চহৰত এনে এটা পৰিৱেশৰ সৃষ্টি হয়,য'ত লকডাউন ঘোষনা কৰাৰ আগৰ পৰিস্থিতি বিৰাজমান হৈছে।যাত্ৰীবাহী যান -বাহনৰ চলাচল সীমিত হোৱাৰ বাহিৰে চহৰখনৰ অলিয়ে-গলিয়ে মানুহৰ জুম পৰিলক্ষিত হয়।কোনেও মানি চলা নাই সামাজিক দূৰত্ব।দুচকীয়া আৰু চাৰিচকীয়া বাহন লৈ ওলাই আহিছে বহু লোক।আজি চহৰখনৰ পৰিৱেশ দেখিলে এনে ভাব হয় যেন নগাঁও চহৰ একেবাৰে লকডাউনৰ পৰা মুক্ত হৈ পৰিল।চৰকাৰে দুচকীয়া বাহন, ৰিক্সা, ই-ৰিক্সা, চাৰিচকীয়া বাহনত যাত্ৰী উঠোৱাৰ ক্ষেত্ৰত চৰকাৰে দিয়া নীতি-নিৰ্দেশনা কোনেও মানি চলা নাই।জিলাখনৰ ধিং, কামপুৰ, ৰহাকে ধৰি সৰু নগৰৰ লগতে গাঁও অঞ্চলত ব্যাপক হাৰত লকডাউন উলংঘা হৈছে।জিলাখনৰ পাণ-তামোল, সুৰা বিপনীকে ধৰি বিভিন্ন বিপনীসমূহত বহু লোকৰ সমাগম পৰিলক্ষিত হয়।চৰকাৰে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে যদিও বহু লোকে মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা দেখা গৈছে।জিলাখনৰ বিভিন্ন স্থানত একাংশ লোকৰ পৃষ্ঠপোষকতাত হাট-বজাৰ বহুৱাই  ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে।এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাত সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।


 

Your Comments