কামৰূপ জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁঁচনিত ব্যাপক দুৰ্নীতি:তদন্তৰ দাবীত মুখ্যমন্ত্ৰী,কৃষিমন্ত্ৰীলৈ স্মাৰকপত্ৰ কামৰূপ 'আছুুু'ৰ

Pic

মৃণাল কুমাৰ ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ বিভিন্ন পঞ্চায়তত দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সাহায্য বিতৰণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাত  সোমবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই  কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী,কৃষিমন্ত্ৰী আৰু মুুখ্য সচিবলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।সদৌ  অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ইমদাদুৰ ৰহমান,পংকজ কলিতা,দিপাংকৰ শৰ্মা আদি ছাত্ৰ নেতাৰ উপস্থিতিত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰ কামৰূপ জিলাৰ  উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী,কৃষিমন্ত্ৰীলৈ প্ৰেৰণ কৰে।স্মাৰকপত্ৰখনত কামৰূপ জিলাত বিভিন্ন পঞ্চায়তৰ অন্তৰ্গত ৰাজহ গাঁঁৱৰ ভিত্তিত প্ৰস্তুত কৰা কৃষক হিতাধিকাৰীৰ তালিকাত বহুসংখ্যক গাৱঁত কোনোদিনেই কৃষি কাৰ্যৰ লগত জড়িত নোহোৱা ব্যক্তি,ৰাজনৈতিক দলৰ ব্যক্তি,চৰকাৰী চাকৰিয়াল,পেঞ্চনাৰ,ব্যৱসায়ী , পঞ্চায়ত প্ৰতিনিধি আদিৰ নাম সন্নিৱিষ্ট হোৱাৰ উপৰিও গঞা ৰাইজে চিনি নোপোৱা বহু ব্যক্তিৰ নাম গাৱঁৰ বাসিন্দা বুলি সন্নিৱিষ্ট কৰা হৈছে বুলি  উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে এগৰাকী প্ৰকৃত কৃষকক  অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়।দেশৰ দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আচঁনি'ৰ অধীনত এগৰাকী কৃষকে চাৰি মাহত ২০০০ টকাকৈ বছৰেকত মুঠ ৬০০০ টকা লাভ কৰা এই আচঁনি প্ৰস্তুত কৰিছে।কিন্তু জিলাখনৰ বিভিন্ন গাৱঁত এই আঁচনিত প্ৰকৃত কৃষক বঞ্চিত হোৱাৰ বিপৰীতে একাংশ পঞ্চায়ত প্ৰতিনিধিৰ অঙহী-বঙহী,ৰাজনৈতিক কৰ্মী তথা পৰিয়ালৰ লোকহে লাভাম্বিত হৈছে বুলি স্মাৰকপত্ৰ খনত উল্লেখ কৰি এই দুৰ্নীতিৰ তদন্ত কৰি প্ৰকৃত কৃষকৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে প্ৰকৃত কৃষক হিতাধিকাৰীক বঞ্চিত কৰি সাহায্য প্ৰদানৰ নামত কেলেংকাৰিত  বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই  দাবী জনায়।আনহাতে,স্মাৰকপত্ৰ গ্ৰহণ কৰি কামৰূপ জিলা উপায়ুক্তগৰাকীয়ে ৭ দিনৰ ভিতৰত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।
 

Your Comments